অসম

assam

অস্তিত্বৰ সংকটত ধেমাজিৰ কেইবাখনো গাঁও

By

Published : Oct 19, 2020, 9:21 PM IST

বান আৰু খহনীয়াত থান বান জোনাইৰ বৃহত্তৰ অঞ্চল ৷ চিয়াং আৰু বুঢ়াসুতি নদীৰ বানত নিশ্চিহ্ন শ শ বিঘা কৃষিভূমি ৷ 15 খনৰো অধিক গাঁৱৰ শতাধিক পৰিয়ালৰ অঘৰী জীৱন যাপন ৷

অস্তিত্বৰ সংকটত ধেমাজিৰ কেইবাখনো গাঁও
অস্তিত্বৰ সংকটত ধেমাজিৰ কেইবাখনো গাঁও

জোনাই, 19 অক্টোবৰ: বান আৰু খহনীয়াৰ তাণ্ডৱৰ ফলত অস্তিত্বৰ সংকটত ধেমাজিৰ বহুকেইখন গাঁও ৷ ঘৰ-বাৰী, কৃষি-ভূমি সকলো হেৰুৱাই অঘৰী জীৱন যাপন শতাধিক পৰিয়ালৰ ৷ 15 খনৰো অধিক গাঁৱৰ শতাধিক পৰিয়ালৰ অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিছে ৷ বানৰ পাছতে খহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় নিশ্চিহ্ন হৈ পৰিল ধেমাজী জিলাৰ জোনাইৰ বেৰাচাপৰিৰ লগতে এক বৃহৎ অঞ্চল ৷

চিয়াং আৰু বুঢ়াসুতী নদীৰ বান আৰু খহনীয়াই গলীঘাট অঞ্চলৰ জীয়াঢল, মুদৈ, দেবেৰা, গালীঘাট, চৰাইবাৰী আদি কৰি প্ৰায় ১৫ খনৰো অধিক গাঁৱৰ লোকক গৃহহাৰা কৰাৰ পাছতো বুঢ়াসুতী নদীৰ খহনীয়াই বৰ্তমানেও কালৰূপ ধাৰণ কৰাত এতিয়া অস্তিত্বৰ সংকটত পৰিছে বানাক্ৰান্ত ৰাইজ ৷ এই সকলোবোৰৰ মাজতে ভূতৰ ওপৰত দানহৰ দৰে পলস আৰু বালি পৰা ঘাঁহ বন খাই অচিন ৰোগত ভুগিছে শ শ পশুধন ৷ ইতিমধ্যে অচিন ৰোগত আক্ৰান্ত হৈ শ শ পশুধনৰ মৃত্যু হোৱাৰ পাছতো পশু চিকিৎসা বিভাগ অঞ্চলটো পৰিদৰ্শন নকৰাৰ অভিযোগ তুলিছে বানাক্ৰান্ত ৰাইজে ৷

বানৰ অন্ত পৰিলেও খহনীয়াই অঞ্চলটোৰ ঘৰ বাৰীৰ লগতে বাট পথ সকলো খহাই নিয়াত যাতায়তৰ ক্ষেত্ৰতো বান বিধস্ত ৰাইজে এতিয়া চৰম দুৰ্ভোগ ভুগিছে ৷ ৰাইজৰ অভিযোগ, চিয়াং নদীৰ প্ৰলয়ংকাৰী বানত সকলো হেৰুৱাই গালীঘাট অঞ্চলৰ শতাধিক পৰিয়ালে পুনৰ সংস্থাপন বিচাৰি জোনাইৰ চিমেন চাপৰিৰ চৰকাৰী ভূমিত আশ্ৰয় ঘ্ৰহন কৰিছিল যদিও একাংশ স্থানীয় ৰাইজ আৰু সংগঠনৰ লগতে জোনাই মহকুমা প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰি আঁতৰাই পথাই ৷ ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে তেওঁলোকে কেনেদৰে জীয়াই আছে সেই খবৰ কোনেও ৰখা নাই ৷

পলস আৰু বালি পৰা ঘাঁহ বন খাই অচিন ৰোগত ভুগিছে শ শ পশুধন

ইফালে চিমেন চাপৰি অঞ্চলৰ বিভিন্ন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ উক্ত প্ৰতিবাদৰ জড়িয়তে প্ৰতিবাদকাৰীসকলে চিমেন চাপৰিত কেইবাবছৰ আগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো পূৰ্ণ পৰ্যায়ত কাৰ্যক্ষম কৰি তোলাৰ বাবে দাবী উত্থাপন কৰে ৷ লগতে চিমেন আৰু লালী নদীৰ গৰাখহনীয়াৰ ফলত হোৱা লোক সকলৰ ক্ষয় ক্ষতিৰ বাবে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ কৰাৰ দাবী জনোৱাৰ লগতে অঞ্চলটোত হোৱা নদী দুখনৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনায় ৷

লগতে পঢ়ক:উচিত ক্ষতিপূৰণৰ দাবীৰে গুৱাহাটীত বাঘজানবাসীৰ প্ৰতিবাদ

TAGGED:

ABOUT THE AUTHOR

...view details