অসম

assam

Third Bodo Peace accord: তৃতীয় বড়ো শান্তি চুক্তিৰ দফা ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে ইউবিপিঅ’ৰ বৈঠক

By

Published : Mar 23, 2023, 9:10 PM IST

অসম বিধানসভাৰ সভাকক্ষত তৃতীয় বড়ো শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে আলোচনা চক্ৰ (Clauses of third Bodo peace accord) ৷ সংযুক্ত বড়ো গণ মঞ্চৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে মিলিত হয় বৈঠকত ৷

Third Bodo Peace accord
তৃতীয় বড়ো শান্তি চুক্তিৰ দফা ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে ইউবিপিঅ’ৰ বৈঠক

জোনাই, 23 মাৰ্চ:তৃতীয় বড়ো শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰে ইউবিপিঅ’ৰ (United Bodo Peoples Organisation) প্ৰতিনিধিৰ বৈঠক ৷ সংযুক্ত বড়ো গণ মঞ্চ (UBPO), বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিয়ে বুধবাৰে অসম বিধানসভা অধ্যক্ষৰ সভাকক্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিৎ দৈমাৰীৰ সৈতে মিলিত হয় বৈঠকত (Implementation of third Bodo peace accord) ৷

বুধবাৰৰ বৈঠকত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাওঁ চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত কৰা, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদলৈ পুঁজি বৃদ্ধি কৰা, বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি বিটিআৰৰ বাহিৰৰ সকলো বড়ো মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰা আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয় (The third Bodo accord) ৷

2006 চনৰ বন অধিকাৰ আইন অনুসৰি 2005 চনৰ আগত বনাঞ্চলত বসবাস কৰা জনজাতসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা আদি বিষয়ৰ ওপৰতো আলোচনা কৰা হয় ৷ আলোচনাত সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, উপ-সভাপতি ললিত চন্দ্ৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম, সহকাৰী সাধাৰণ সম্পাদক অবিৰাম বড়ো, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিয় নাৰ্জাৰী, কাৰ্যবাহী সদস্য অনিল বসুমতাৰী, মুহিপাল বড়ো আৰু প্ৰণৱ বড়োয়ে অংশ গ্ৰহণ কৰে (Discussion over third Bodo accord) ৷

উল্লেখ্য যে, 2020 চনত এন ডি এফ বি, সদৌ বড়ো ছাত্ৰ সন্থা আৰু সংযুক্ত বড়ো গণ মঞ্চৰ সৈতে তৃতীয় বড়ো শান্তি চুক্তি সম্পাদন কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ তৃতীয় বড়ো শান্তি চুক্তিয়ে পুঁজিৰ বাবে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত ৰাজ্য চৰকাৰৰ ওপৰত বিটিচিৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে ৷ লগতে অঞ্চলটোৰ সম্প্ৰসাৰণৰ সুযোগ প্ৰদান কৰে ৷ বিটিচিক উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত এক মতামত ৰখাৰ ক্ষমতা প্ৰদান কৰে যদিও গৃহ আৰু আৰক্ষী বিভাগ ৰাজ্য চৰকাৰৰ ওচৰত থাকিব বুলি এই চুক্তিৰ দ্বাৰা কোৱা হয় ৷

লগতে পঢ়ক:Rahul Gandhi defamation case: মোডী সম্প্ৰদায়ক অপমান কৰি দোষী সাব্যস্ত ৰাহুল গান্ধী; গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details