অসম

assam

Jonai Rape case: কিশোৰী বলাৎকাৰৰ অভিযুক্তক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ

By

Published : Apr 24, 2023, 8:37 AM IST

কিশোৰীৰ ধৰ্ষণকাৰীৰ শাস্তিৰ দাবী জনায় চিলাপথাৰস্থিত আছু শ্বহীদ ভৱনত আয়োজন কৰে সংবাদমেলৰ ৷ কিশোৰী বলাৎকাৰৰ অভিযুক্তৰ চিমেন চাপৰি আৰক্ষীৰ সৈতে গোপন মিতিৰালিৰ অভিযোগ মহিলা সমিতিৰ (Allegations against Simen Chapori Police) ৷

Press conference at jonai
ধৰ্ষণকাৰীৰ শাস্তিৰ দাবী জনায় সংবাদমেল

ধৰ্ষণকাৰীৰ শাস্তিৰ দাবী জনায় সংবাদমেল

জোনাই, 23 এপ্ৰিল : চিলাপথাৰ বৰপথাৰ নিবাসী মাধৱকৃষ্ণ গোস্বামী নামৰ লোকজনে কেইবামাহৰ পূৰ্বে এগৰাকী কিশোৰীক বলাৎকাৰৰ অভিযোগ তুলিছিল ভুক্তভোগীগৰাকীয়ে । ভুক্তভোগী কিশোৰীগৰাকীয়ে তৰা এজাহাৰৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে চিমেন চাপৰি আৰক্ষী থানাত জামিনবিহীন গোচৰ পঞ্জীয়ন হয় । পিছে পৰিতাপৰ বিষয় যে, এটা মাহেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । ইয়াকে লৈ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে দেওবাৰে চিলাপথাৰৰ স্থানীয় মহিলা সমিতিয়ে চিলাপথাৰস্থিত আছু শ্বহীদ ভৱনত দিনৰ ১১-৩০ বজাত এক সংবাদমেলৰ আয়োজন কৰে ( North east network press meet at Jonai)।

চিলাপথাৰ আঞ্চলিক মহিলা সমিতি, জাগৰণ মহিলা সমিতি, নৰ্থ ইষ্ট নেটৱৰ্কৰ কৰ্মীসকলৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত আৰক্ষীৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰে । চিলাপথাৰ আঞ্চলিক মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা ৰঞ্জিতা বৰুৱা আৰু নৰ্থ ইষ্ট নেটৱৰ্কৰ ধেমাজি জিলাৰ সভানেত্ৰী অৰ্পণা চুতীয়াই সংবাদমেলযোগে জনোৱা মতে ঘটনা সংক্ৰান্তত ১০ মাৰ্চত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত মাধৱকৃষ্ণ গোস্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হয় । পৰৱৰ্তী সময়ত ঘটনাটো চিমেন চাপৰিত হোৱাৰ বাবেই গোচৰটো লখিমপুৰ আৰক্ষীয়ে চিমেন চাপৰি আৰক্ষীলৈ হস্তান্তৰ কৰে (Simen Chapori Police Station control) ।

কিন্তু চিমেন চাপৰি আৰক্ষীয়ে আজি এটা মাহে লম্পট ধৰ্ষণকাৰী মাধৱকৃষ্ণ গোস্বামীক কৰায়ত্ত কৰিব নোৱাৰাটো অতি ৰহস্যজনক বিষয় বুলি কয় মহিলা সমিতিয়ে । আৰক্ষীৰ চকুত নপৰা অভিযুক্তই কি দৰে ঘৰে ঘৰে বিহু খাই মুকলিকৈ ঘূৰি ফুৰিবলৈ সক্ষম হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে মহিলা সমিতিৰ নেতৃত্বই । চিলাপথাৰ, চিমেন চাপৰিত বিচৰণ কৰি থকা এজন গুৰুতৰ অভিযোগেৰে অভিযুক্তই আৰক্ষীক মেনেজ কৰিহে জালত পৰা নাই বুলি মহিলা সমিতিয়ে সংবাদমেলত খেদ প্ৰকাশ কৰে (NEN demanded punishment for rape accused) ।

বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে মহিলা সমিতিয়ে ৷ ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এগৰাকী উচ্চপদস্থ বিষয়াৰ দ্বাৰা ঘটনাৰ তদন্ত কৰি অভিযুক্ত মাধৱকৃষ্ণ গোস্বামীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় । লগতে অহা এসপ্তাহৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে মহিলা সমাজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ব বুলি সকীয়নিই প্ৰদান কৰে ।

দেওবাৰৰ সংবাদমেলখনত চিলাপথাৰ আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী নিলিমা লাহন, বিষয়ববীয়া মঞ্জুলা চুতীয়া, চিলাপথাৰ পৌৰ সভাৰ প্ৰাক্তন চেয়াৰমেন কবিতা সোণোৱাল ফুকন, কল্পনা বসুমতাৰী, নৰ্থ ইষ্ট নেটৱৰ্কৰ কৰ্মী মৌচুমী চাংমাইৰ লগতে জাগৰণৰ ব্লক মহাসংঘৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে (Assam CM Himanta Biswa Sarma)।

লগতে পঢ়ক :Sex racket: ৰাইজে উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ী চক্ৰ; যুৱতীকো মাৰধৰ

ABOUT THE AUTHOR

...view details