অসম

assam

Road accident in Jonai: নিহতৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি

By

Published : Jul 12, 2022, 10:34 PM IST

মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত জোনাইৰ দিশৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা AR 09 B 6472 নম্বৰৰ মহিন্দ্ৰা জাইল' বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগা দলঙৰ ৰেলিঙৰ সোঁ মাজত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে(Road accident in Jonai) । ঘটনাত নিহতৰ সংখ্যা পাঁচজন জনলৈ বৃদ্ধি ৷ দুজন চিকিৎসাধীন ৷

death-of-the-people-rises-to-five-of-road-accident-in-jonai
নিহতৰ সংখ্যা পাঁচজন জনলৈ বৃদ্ধি

জোনাই, 12 জুলাই :মঙলবাৰে চিলাপথাৰ জলকীয়া সূঁতিৰ ৫১৫ নং ঘাইপথৰ ভঙা দলঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Jonai)। বৰ্তমান এই দুৰ্ঘটনাটোত নিহতৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে । মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত জোনাই দিশৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা AR 09 B 6472 নম্বৰৰ মহিন্দ্ৰা জাইল' বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগা দলঙৰ ৰেলিঙৰ সোঁ মাজত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা (Death of the people rises to five of road accident in Jonai) ৷

নিহতৰ সংখ্যা পাঁচজন জনলৈ বৃদ্ধি

ইফালে, এই ঘটনাৰ খবৰ পাই চিলাপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ মুঠ সাত গৰাকী আৰোহীৰ পাঁচ গৰাকীক সংকটজনক অৱস্থাত চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে ৷ পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাটোত জাইল' বাহনখনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হৈ যায়(Jonai road accident) ।

মৃত আৰোহীদ্বয় হৈছে অৰুণাচল প্ৰদেশৰ ইয়ংকঙৰ মবী তালিৰ কন্যা মেনাম তালি আৰু আলৰ লিংই বাজেৰ পুত্ৰ য়য়ি বাজে । ইয়াৰে য়য়ি বাজে উত্তৰ-পূৱ বিদ্যুৎ শক্তি নিগম লিমিটেডৰ অভিযন্তা হিচাপে কৰ্মৰত আছিল (NEPDCL engineer died in road accident)৷ জাইল' বাহনখনত থকা ৰিম্পি সোণাৰ, কায়াং মেডো, তপা সিন্ধু, জোৱেল সোণাৰ, জাহ্নৱী হেমলিনসহ মুঠ 5 গৰাকী আৰোহী চিকিৎসাধীন অৱস্থাত আছিল যদিও ইয়াৰে তিনিগৰাকীয়ে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে । আন দুগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত ৰখা হৈছে ৷ তেওঁলোক অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ ইংকঙৰ পৰা ইটানগৰলৈ আহোতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক :Jonai road accident : ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অভিযন্তাসহ দুজনে

ABOUT THE AUTHOR

...view details