অসম

assam

জোনাইৰ চেঙাজান গোৱালা গাঁৱত ষঠ পূজা পালন

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:47 PM IST

আজি বিহাৰী সম্প্ৰদায়ৰ ষঠ পূজা ৷ প্ৰতি বছৰৰ দৰে এইবাৰো জোনাইৰ চেঙাজান গোৱালা গাঁৱৰ ভোজপুৰী সম্প্ৰদায়ৰ ৰাইজে উলহ-মালহেৰে ষঠ পূজা পালন কৰে ।

Chhat Puja 2023
চেঙাজানত চাৰি দিনীয়াকৈ ষঠ পূজা পালন

চেঙাজানত চাৰি দিনীয়াকৈ ষঠ পূজা পালন

জোনাই, 19 নৱেম্বৰ : আজি বিহাৰী সম্প্ৰদায়ৰ ষঠ পূজা ৷ প্ৰতি বছৰৰ দৰে এইবাৰো জোনাই চেঙাজান গোৱালা গাঁৱৰ ভোজপুৰী সম্প্ৰদায়ৰ ৰাইজে উলহ-মালহেৰে ষঠ পূজা পালন কৰে । চেঙাজান ষঠ পূজা সমিতিৰ উদ্যোগত এইবাৰো চাৰি দিনীয়াকৈ লালী, ব্ৰহ্মপুত্ৰ, বুঢ়ীসুঁতি নদীৰ সংগমস্থলীত আয়োজন কৰা হৈছে ষঠ পূজা ৷

চেঙাজান ষঠ পূজা সমিতিৰ সভাপতি চন্দন মালা আৰু নিৰঞ্জন মালাই ষঠ পূজাৰ সন্দৰ্ভত কয় যে, কাতি মাহৰ শুক্ল ষষ্ঠী তিথিত ষঠ পূজা উদযাপন কৰা হয় বাবেই এই উৎসৱটোক সূৰ্য ষষ্ঠী বুলি কোৱা হয় । ষঠ পূজা ভাৰতৰ আন প্ৰদেশৰ লগতে অসমতো বিহাৰী সম্প্ৰদায়ৰ লোকে অতি উলহ-মালহেৰে উদযাপন কৰিছে । ষঠ পূজাত ছঠী মাতৃ আৰু সূৰ্য দেৱতাক উপাসনা কৰা হয় ।

তেওঁলোকে কয়, ‘‘ঋকবেদৰ শ্লোকসমূহত সূৰ্য বন্দনাৰ স্পষ্ট নিদৰ্শন আছে । ভাৰতীয় সভ্যতাৰ লগতে গ্ৰীক, ৰোমান আদিৰ সভ্যতাসমূহতো সূৰ্য মুখ্য দেৱতা আছিল । সেইদৰে ঊষায়ো বৈদিক দেৱী। বেদত উল্লেখ থকা মতে, তেওঁ হৈছে পুৱাৰ দেৱী আৰু অশ্বিনসকলৰ মাতৃ । অগ্নি, সোম আৰু ইন্দ্ৰ আদি দেৱতাসকলৰ পিচত তেওঁ হৈছে আটাইতকৈ উল্লেখযোগ্য বৈদিক দেৱী । ৰাত্ৰি হৈছে তেওঁৰ ভগ্নী যিয়ে হয়তো পিচলৈ পৌৰাণিক যুগত সন্ধ্যা আৰু ছায়া ৰূপত কল্পিত কৰা হ’ল ।’’

মহাভাৰতত উল্লেখ থকাৰ মতে, দ্ৰৌপদীয়ে ধম্য ঋষিৰ উপদেশ মতে সূৰ্যক আৰাধনা কৰি অক্ষয় পাত্ৰ লাভ কৰিছিল। লগতে মহাবীৰ কৰ্ণই কঁকাললৈকে পানীত সোমাই সূৰ্য উপাসনা কৰা উল্লেখ আছে । সেয়ে ষঠ পূজা উদযাপন কৰা সকলে কঁকালৰ লৈকে পানীত নামি সূৰ্য বন্দনা কৰা দেখা যায় । ষঠ পূজাৰ আঁৰত আছে এনে বহু প্ৰচলিত কাহিনী ৷

লগতে পঢ়ক :ডিমৌ চি এফ চি গৃহত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁওসভা, বিভিন্ন আঁচনিৰ সন্দৰ্ভত আলোচনা

ABOUT THE AUTHOR

...view details