অসম

assam

575th Birth anniversary of Sankardev: চিমেন চাপৰিৰ বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ আৰম্ভ

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 5:35 PM IST

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত গুৰু বন্দনাৰে মুখৰিত হৈ পৰে ৷ কিছু কিছু স্থানত নিশা গুৰুজনাই সৃষ্টি কৰা ভাওনাও প্ৰদৰ্শন কৰা হ'ব ৷

575th Birth anniversary of Sankardev
চিমেন চাপৰি আঞ্চলিক বৰনামঘৰ পৰিচালনা সমিতি

চিমেন চাপৰি আঞ্চলিক বৰনামঘৰ পৰিচালনা সমিতি

জোনাই, ২৪ ছেপ্টেম্বৰ:আজি ৰাজ্য়জুৰি উদযাপন কৰা হয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ । ৰাজ্য়ৰ আন ঠাইৰ লগতে ধেমাজি জিলাৰ চিমেন চাপৰি আঞ্চলিক বৰনামঘৰ পৰিচালনা সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন আঞ্চলিক শাখাৰ উদ্যোগত দেওবাৰৰ পৰা দুদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ বিস্তৃত কাৰ্যসূচীৰে চিমেন চাপৰি আঞ্চলিক বৰনামঘৰত আৰম্ভ হৈছে । এই মহোৎসৱত দেওবাৰে নামাচাৰ্য হেমচন্দ্ৰ চুতীয়াৰ নেতৃত্বত প্ৰাতঃ প্ৰসঙ্গৰ পাছত চিমেন চাপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গিৰিণ দলেৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰা হয় । ইয়াৰ পিচতে নাচপতি,লেটেকু গছপুলি ৰোপণ কৰে তেলাম খণ্ড বন বিষয়া প্ৰভাত গগৈয়ে ।

ইপিনে,পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে চিমেন চাপৰি আঞ্চলিক বৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেশ সন্দিকৈয়ে । ইয়াৰ পিচতেই পুৱা ৮-৩০ বজাত শৰাই অৰ্পণ কৰে গজলা সত্ৰৰ গোবিন্দ মহন্ত লগতে পূৰ্ণ বৰুৱা, নন্দেশ্বৰ হাজৰিকা আৰু জীৱন গগৈয়ে । তদুপৰি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা নাম প্ৰসংগৰ নেতৃত্ব দিয়ে শ্ৰীশ্ৰী নাহৰকটীয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ উমেশ মহন্তই । পুৱা ১০-৩০ বজাত ভাগৱত পাঠ কৰে ৩ নং চিমেন চাপৰিৰ সুৰেন চমুৱাই ।

দিনৰ ১১-৩০ বজাত ধৰ্ম আলোচনা আৰু দিহা নাম পৰিৱেশন আৰু ব্যাখ্যা আগবঢ়াই দিহাৰত্ন কমলা গগৈয়ে । এই অনুষ্ঠানটোৰ উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলীপ কুমাৰ গগৈয়ে আৰু সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি ৰাজীৱ দত্তই । উক্ত অনুষ্ঠানত কেইবাগৰাকী জনপ্ৰতিনিধি, শিক্ষক আৰু সমাজকৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:575th Birth anniversary of Sankardev: জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক আৰ্ৱিভাৱ তিথি

ABOUT THE AUTHOR

...view details