অসম

assam

বঙাইগাঁৱত উদ্ধাৰ নিষিদ্ধ ঔষধঃ এজনক গ্ৰেপ্তাৰ

By

Published : Nov 2, 2019, 12:36 PM IST

Updated : Nov 2, 2019, 3:24 PM IST

বঙাইগাঁৱৰ বইটামাৰীত শনিবাৰে পুৱা নিষিদ্ধ ঔষধসহ এজনক গ্ৰেপ্তাৰ কৰা হয় ৷ বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত আৰু আমছুৰ সহযোগত চলোৱা হৈছিল এই অভিযান ৷

বঙাইগাঁৱত নিষিদ্ধ ঔষধসহ এজনক গ্ৰেপ্তাৰ

বঙাইগাঁও,2 নৱেম্বৰ: বঙাইগাঁও জিলাৰ বইটামাৰীত শনিবাৰে পুৱাই আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ঔষধসহ এজনক গ্ৰেপ্তাৰ কৰে ৷ বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত আৰু আমছুৰ সহযোগত বইটামাৰীৰ নিত্যবজাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই অভিযান চলোৱা হয় ৷ অভিযানত এখন টাটা ভিষ্টা বাহনৰ পৰা জব্দ কৰা হয় মুঠ 600 বটল নিষিদ্ধ ক’ফ চিৰাপ ৷ AS-01BF-4076 নম্বৰৰ বাহনখনৰ সৈতে চালক নুৰ মহম্মদ শ্বেখক আটক কৰে আৰক্ষীয়ে ৷ উক্ত ক'ফ চিৰাফখিনি 'ৰশ্মি ড্ৰাগছ' নামৰ ফাৰ্মাচীখনৰ বুলি সন্দেহ কৰা হৈছে ৷

আটক নুৰ মহম্মদ শ্বেখ
বঙাইগাঁৱত উদ্ধাৰ নিষিদ্ধ ঔষধ

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা নিত্যবজাৰত অবৈধ ক’ফ চিৰাপ তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ উত্থাপন হৈছিল ৷ ঘটনা সন্দৰ্ভত বইটামাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ তাৰোপৰি,বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীসমূহক লৈও নিৰ্বিকাৰ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে ৷

বঙাইগাঁৱত আৰক্ষী অভিযান

লগতে পঢ়কঃ আমগুৰিৰ অভয়াপুৰীয়া গাঁৱক হস্ত তাঁতৰ আদৰ্শ গাঁও ঘোষণা

Last Updated : Nov 2, 2019, 3:24 PM IST

ABOUT THE AUTHOR

...view details