অসম

assam

Scam in PMAY scheme: বঙাইগাঁৱত PMAY আঁচনিত দুৰ্নীতি

By

Published : Aug 18, 2023, 3:51 PM IST

বঙাইগাঁৱৰ গোলাপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক দুৰ্নীতি । প্ৰকৃত হিতাধিকাৰীৰ একাউন্টৰ পৰিৱৰ্তে বেলেগ একাউন্ট ব্যৱহাৰ কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ হিতাধিকাৰীৰ ।

Corruption in PMAY scheme in Bongaigaon
বঙাইগাঁৱত PMAY আঁচনিত দুৰ্নীতি

বঙাইগাঁৱত PMAY আঁচনিত দুৰ্নীতি

বঙাইগাঁও,১৮ আগষ্ট:বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা-বাংলাপাৰ গাঁও পঞ্চায়তৰ গোলাপাৰা চতুৰ্থ খণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ প্ৰকৃত হিতাধিকাৰীৰ একাউন্টৰ পৰিৱৰ্তে বেলেগ একাউন্টত ধন জমা কৰি সমগ্ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি গোলাপাৰা চতুৰ্থ খণ্ডৰ হিতাধিকাৰী বাছিৰন নেছাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন হয় । সেই অনুসৰি বাছিৰন নেছাই আন আন নথি-পত্ৰৰ লগতে নিজৰ চেন্ট্ৰেল বেংকৰ একাউন্ট নম্বৰত জমা কৰে ।

দিনৰ পিছত দিন পাৰ হৈ গ'ল । কিন্তু, বাছিৰন নেছাৰ একাউন্টত টকা জমা নহ'ল । উপায়ন্তৰ হৈ বাছিৰন নেছাই পঞ্চায়ত সদস্যা ৰহিমা খাতুনৰ কাষ চাপে । কিন্তু ৰহিমা খাতুনৰ স্বামী শ্বাহ আলমে অফিচ-কাছাৰীৰ খৰচৰ বাবে বাছিৰনৰ পৰা টকা বিচৰাত বাছিৰনে কষ্ট কৰি ৫৫০০ টকা পঞ্চায়ত সদস্যাৰ স্বামীক দিয়ে ।

কিন্তু তাৰ পিছতো দিনৰ পিছত দিন যায় কিন্তু বাছিৰনৰ একাউন্টত ধন নোসোমায় । অৱশেষত বাছিৰনে নিজৰ আই ডি নম্বৰটো অনলাইনত পৰীক্ষা কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে । বাছিৰনৰ আই ডি নম্বৰত বেলেগ একাউন্ট ব্যৱহাৰ কৰি গোটেই ধন আত্মসাৎ কৰে বুলি অভিযোগ উত্থাপন কৰে । ঘটনা সংক্ৰান্তত ভুক্তভোগী পৰিয়ালে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী উত্থাপন কৰে ।

উল্লেখযোগ্য যে, যি সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী দুখীয়া নাগৰিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে তেনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত PMAY আঁচনিত সঘনে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । এনে দুৰ্নীতিপৰায়ণ লোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব সেয়া হ'ব সময়ত লক্ষণীয় ।

লগতে পঢ়ক:Mysterious death in Biswanath: বিশ্বনাথত অবৈধ প্ৰেমিকসহ চাৰিজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details