অসম

assam

আত্মসহায়ক গোটক লৈ সজাগতা সভা বিশ্বনাথ জিলা প্ৰশাসনৰ

By

Published : Mar 21, 2021, 9:32 AM IST

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতামূলক পদক্ষেপ হিচাপে শনিবাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় । চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়স্থিত প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত মুঠ ১৬৪টা মহিলা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷ এই সভাত দুই শতাধিক মহিলাক প্ৰদান কৰা হয় ইভিএম-ভিভিপেটৰ ব্যৱহাৰিক জ্ঞান ।

Election awareness programme at biswanath
আত্মসহায়ক গোটক লৈ সজাগতা সভা বিশ্বনাথ জিলা প্ৰশাসনৰ

বিশ্বনাথ,21 মাৰ্চ: বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতামূলক পদক্ষেপ হিচাপে শনিবাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় । চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়স্থিত প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত মুঠ ১৬৪টা মহিলা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷

এই সভাত দুই শতাধিক মহিলাক প্ৰদান কৰা হয় ইভিএম-ভিভিপেটৰ ব্যৱহাৰিক জ্ঞান । সভাত বিশ্বনাথ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰণৱ কুমাৰ শৰ্মা উপস্থিত থাকি আগন্তুক নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলৰ প্ৰতি বিশেষ আহ্বান জনায় ।

তদুপৰি উপায়ুক্ত গৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে যে, বিশ্বনাথ অঞ্চলত বিগত নিৰ্বাচনত ভোটদানৰ হাৰ খুবেই সন্তোষজনক আছিল তথাপি যিবোৰ অঞ্চলত ভোটৰ হাৰ কিছু কম আছিল সেইবোৰ অঞ্চলত এইবাৰ ভোটৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান কৰিছে । আনহাতে, বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড৹ সূৰ্য্য কমল বৰাই কাৰ্যসূচীৰ তাৎপৰ্য ব্যাখ্যা কৰি এক মনোজ্ঞ বক্তব্য আগবঢ়ায় ।

বিদ্যালয়খনৰ উপাধ্যক্ষ ৰাতুল শৰ্মাই আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা এই সজাগতামূলক সভাত বিশ্বনাথ জিলাৰ সহকাৰী আয়ুক্ত ক্ৰমে সংঘমিত্ৰা ভাগৱতী,কংকণা শইকীয়া, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া সুপ্ৰতিম দে, মহিলা আত্মসহায়ক গোটৰ চিটি প্ৰজেক্ট পৰিচালক অংকুৰ চৌধুৰী, ৩০ নং চি আৰ পি এফৰ জোৱানকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়কঃনৱ কুমাৰ শৰণীয়ালৈ পূৰ্ণ সমৰ্থন গণ সুৰক্ষা পাৰ্টিৰ

ABOUT THE AUTHOR

...view details