অসম

assam

বিশ্বনাথত বাটৰ নাট প্ৰদৰ্শন

By

Published : Mar 20, 2021, 7:46 PM IST

ভোটদান সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে শনিবাৰে বিশ্বনাথ চাৰিআলিত বাটৰ নাট প্ৰদৰ্শন কৰা হয় । ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্ট'ৰেল পাৰ্টিচিপেশ্যন প্ৰ'গ্ৰেম(SVEEP)ৰ উদ্যোগত এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

বিশ্বনাথত ভোটাৰক সজাগ কৰাৰ বাবে বাটৰ নাট প্ৰদৰ্শন
বিশ্বনাথত ভোটাৰক সজাগ কৰাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

বিশ্বনাথ,২০ মাৰ্চ: বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবে প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । বিশ্বনাথ জিলাতো প্ৰশানৰ উদ্যোগত সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হৈছে । শনিবাৰে বিশ্বনাথ চাৰিআলিত প্ৰদৰ্শন কৰা হয় বাটৰ নাট ।

ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্ট'ৰেল পাৰ্টিচিপেশ্যন প্ৰ'গ্ৰেম (SVEEP)ৰ উদ্যোগত এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় । বিশ্বনাথৰ বিভিন্ন স্থানত নাটখন প্ৰদৰ্শন কৰে বিশ্বনাথ বি এড কলেজৰ প্ৰশিক্ষাৰ্থীসকলে । উল্লেখ্য যে, ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে কলা-কুশলীসকলে হাতত লোৱা এনে প্ৰচেষ্টাৰ শলাগ লৈছে বিশ্বনাথ জিলা প্ৰশাসনে ।

বিশ্বনাথত ভোটাৰক সজাগ কৰাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

বাটৰ নাট প্ৰদৰ্শনী কাৰ্যসূচীত বিশ্বনাথ বি এড কলেজৰ অধ্যাপক-অধ্যাপিকা, চিআৰপিএফৰ ৩০ নং বেটেলিয়ন, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰমুখ্যে নিৰ্বাচনৰ কাম-কাজৰ লগত জড়িত কেইবাগৰাকীও কৰ্মচাৰী উপস্থিত থাকি কলা-কুশলীসকলক উৎসাহিত কৰে । ২৭ মাৰ্চত হ'বলগীয়া বিশ্বনাথ আৰু বিহালী সমষ্টিত যাতে ১০০ শতাংশ ভোটদান সম্পন্ন হয় তাৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক: আজি বিশ্ব ঘৰচিৰিকা দিৱস

ABOUT THE AUTHOR

...view details