অসম

assam

গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে অগ্ৰাধিকাৰ দিব : পীযুষ হাজৰিকা

By

Published : Jun 6, 2021, 11:06 PM IST

বিশ্বনাথৰ বান আৰু গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয় ৰাজ্যৰ জল সম্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ দেওবাৰে বিশ্বনাথত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ সৈতে এক উচ্চ-স্তৰীয় বৈঠকত মিলিত হয় ৷ ৰাজ্যৰ বান সমস্যাৰ এক স্থায়ী সমাধান বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিব বুলি মন্তব্য কৰে ৷

As_biswanath_Assam government to give high priority to erosion control: Piyush Hazarika_as10018
গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে উচ্চ অগ্ৰাধিকাৰ দিব:পীয়ুষ হাজৰিকা

বিশ্বনাথ, 6জুন :দেওবাৰে বিশ্বনাথৰ বান আৰু গৰাখহনীয়াৰ বুজ লয় বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ জল-সম্পদ আৰু স্বাস্থ্য বিভাগৰ সৈতে এক উচ্চ-স্তৰীয় বৈঠকত মিলিত হয় ৷ বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে ৰাজ্য খনৰ গৰাখহনীয়া সমস্যাটোৰ এক স্থায়ী সমাধান কৰাত বিজেপি নেতৃত্বাধীন চৰকাৰখনে উচ্চ অগ্ৰাধিকাৰ দিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে উচ্চ অগ্ৰাধিকাৰ দিব:পীয়ুষ হাজৰিকা

এতিয়াৰে পৰা জলসম্পদ বিভাগৰ কাম-কাজৰ ব্যাপক সাল-সলনি কৰা হ’ব আৰু ইতিমধ্যে বিভাগীয় বিষয়াক গৰাখহনীয়া সম্পৰ্কীয় কাম-কাজ সমূহৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ প্ৰতি বছৰৰ মে’ মাহৰ ভিতৰতে সকলো মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ বিষয়-ববীয়া সকলক কঠোৰ নিৰ্দেশ জাৰি কৰাৰ লগতে কেৱল অস্থায়ী আৰু জৰুৰীকালীন মেৰামতিহে বাৰিষাৰ সময়ত কৰা উচিত বুলি মত প্ৰকাশ কৰে ।

গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে উচ্চ অগ্ৰাধিকাৰ দিব:পীয়ুষ হাজৰিকা

ইফালে,মথাউৰি মেৰামতি কৰাৰ ক্ষেত্ৰত কামৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰতো কোনো ধৰণৰ মোকাবিলা নকৰিবলৈ মন্ত্ৰী গৰাকীয়ে বিষয়াসকলক সকীয়াই দিয়ে । অন্যথা বিহীত ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক সকীয়াই দিয়ে ৷

ইয়াৰ পাচতে মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ কাম-কাজো পৰ্যবেক্ষণ কৰে ৷ জিলাখনত ক'ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কিয় কিছু সমস্যাৰ সন্মুখীন হৈছে সেই বিষয়ে অৱগত কৰি কয় যে,বিশ্বনাথ জিলাত প্ৰতিষেধক মজুতকৰণৰ সুবিধা নথকা হেতুকে শোণিতপুৰ জিলাৰ পৰা আনিব লগা হয় যাৰ ফলত প্ৰতিষেধক প্ৰদানত কিছু পলম হৈছে ৷

গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে অগ্ৰাধিকাৰ দিব : পীযুষ হাজৰিকা

মন্ত্ৰীগৰাকীয়ে ততাতৈয়াকৈ সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি পুঁজিৰ ব্যৱস্থা কৰাৰ লগতে উল্লেখিত সমস্যা দূৰীকৰণৰ বাবে পদক্ষেপ হাতত লোৱা হ'ব বুলি মন্তব্য কৰি লোকনিৰ্মাণ বিভাগ আৰু বিদ্যুৎ বিভাগক স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰি আগন্তুক দহদিনৰ ভিতৰত প্ৰতিষেধকৰ মজুত ভাণ্ডাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। প্ৰস্তাৱিত এই ভাণ্ডাৰ বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয় চৌহদৰ ভিতৰতে স্থাপন কৰা হ’ব।

লগতে পঢ়ক:ভেকচিনৰ বাবে ৰাজ্যৰ জিলাই জিলাই হাহাকাৰ

ABOUT THE AUTHOR

...view details