অসম

assam

বন্ধনৰ কিস্তি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবেই উত্তপ্ত পৰিস্থিতি

By

Published : May 9, 2022, 5:47 PM IST

বিগত কিছুদিন আগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মাইক্ৰ’ ফাইনেঞ্চৰ কিস্তিৰ ধন বিচাৰি ঘৰলৈ যোৱা এজেণ্টক এপইচাও নিদিব বুলি মন্তব্য কৰাৰ পিছতে কলগাছিয়াত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ কলগাছিয়া বন্ধন বেংকৰ কৰ্মচাৰীয়ে কিস্তি সংগ্ৰহ কৰিবলৈ (Bandhan bank employees going to collect installments) যাওঁতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tense Situation at Kalgachia) ৷

a-tense-situation-arises-when-employees-of-bandhan-bank-went-to-collect-installments
বন্ধনৰ কিস্তি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে উত্তপ্ত পৰিস্থিতি

বৰপেটা, 9 মে’: ‘‘মাইক্ৰ’ ফাইনেঞ্চৰ কিস্তিৰ ধন বিচাৰি ঘৰলৈ যোৱা এজেণ্টক এপইচাও নিদিব । আৰু বেছি হাৰাশাস্তি কৰিলে থানাত খবৰ দিব (Do not give any money to micro finance bank or agent) ।’’ মাত্ৰ কিছুদিন পূৰ্বে এইদৰে সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । মন্ত্ৰীৰ কথা মতেই কাম । কিস্তি বিচাৰি যোৱা এজেণ্টক নিদিলে কিস্তি । ফলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense Situation in Kalgachia) ।

এই ঘটনা কলগাছিয়াৰ শওপুৰত ৷ সোমবাৰে পুৱা কলগাছিয়া বন্ধন বেংকৰ কৰ্মচাৰীয়ে শওপুৰত পূৰ্বৰ দৰেই গৈছিল বন্ধনৰ কিস্তি সংগ্ৰহ কৰিবলৈ (Bandhan bank employees going to collect installments) ৷ কিন্তু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ পৰামৰ্শ অনুসৰি এজেণ্টক গ্ৰাহকে নিদিলে কিস্তি ৷ যাৰ বাবে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ ৷

বন্ধনৰ কিস্তি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে উত্তপ্ত পৰিস্থিতি

ইফালে কলগাছিয়া বন্ধন বেংকৰ শাখা প্ৰবন্ধকে কিস্তি দিব নালাগে বুলি চৰকাৰৰ পৰা এতিয়ালৈকে কোনো নিৰ্দেশনা অহা নাই বুলি মন্তব্য কৰে । এতিয়া প্ৰশ্ন হয় যদি সঁচাকৈয়ে মাইক্ৰ’ ফাইনেঞ্চৰ (Microfinance relief scheme) ঋণ ৰাইজে পৰিশোধ কৰিব নালাগে তেন্তে বন্ধন বেংকৰ এজেন্ট বা কৰ্মচাৰী সকলে কিয় সাধাৰণ ৰাইজক কিস্তি বিচাৰি হাৰাশাস্তি কৰিছে !

নে এয়া কেৱল বিজেপি চৰকাৰৰ ভেঁকোভাওনা হে ! উল্লেখ্য যে অসম চৰকাৰ তথা বেংকক কিস্তি নিদিবলৈ পৰামৰ্শ নিয়া মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই সন্দৰ্ভত কেনে স্থিতি গ্ৰহণ কৰিে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক :গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধুলিয়াৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপতগ্ৰহণ

ABOUT THE AUTHOR

...view details