অসম

assam

Beel Encroachment: অসমীয়া মৎস্য ব্যৱসায়ীক হত্যাৰ ভাবুকি বেদখলকাৰীৰ

By

Published : Jul 27, 2023, 7:23 PM IST

বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বৰিয়া বিলৰ মাটি বেদখল কৰি থলুৱা মৎস্য ব্যৱসায়ী যুৱকক হত্যাৰ ভাবুকি ৷ বেদখলকাৰীৰ ভয়ত এতিয়া বিললৈ যাবলৈ শংকাত ভুগিছে অসমীয়া যুৱকে ৷

Encroachers threaten to kill Assamese fish traders
অসমীয়া মৎস্য ব্যৱসায়ীক হত্যাৰ ভাবুকি বেদখলকাৰীৰ

অসমীয়া মৎস্য ব্যৱসায়ীক হত্যাৰ ভাবুকি বেদখলকাৰীৰ

বৰপেটা, ২৭ জুলাই: বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বৰিয়া বিলত বেদখলকাৰীৰ গুণ্ডামি ৷ সত্ৰৰ বিলৰ মাটি বেদখল কৰি থলুৱা মৎস্য ব্যৱসায়ী যুৱকক হত্যাৰ ভাবুকি ৷ বেদখলকাৰীৰ ভয়ত এতিয়া বিললৈ যাবলৈ শংকাত ভুগিছে অসমীয়া যুৱকে ৷

যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া যুৱকক কৰ্মসংস্কৃতি গঢ়ি তোলাৰ আহ্বান জনাইছে, তেনে সময়তে একাংশ মুছলমান বেদখলকাৰীৰ ভয়ত এতিয়া অসমীয়া যুৱকে নিজ কৰ্ম এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বৰপেটাৰ সুন্দৰীদিয়াত ৷ জানিব পৰামতে, মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ বৰিয়া বিলখন ৰবীন শইকীয়া, দয়াময় দাস, সোণ বৰুৱা আৰু জিতু দাস নামৰ চাৰি যুৱকে প্ৰায় ১১ লাখ টকাত ডাকত লৈছিল ৷ ইতিমধ্যে ৰাজ্য চৰকাৰকো বিলৰ ৰাজহ আদায় দিছে সত্ৰ সমিতিয়ে ৷

পিচে সত্ৰৰ পৰা বিলখন ডাকত লোৱাৰ পিচৰপৰাই একাংশ অবৈধ বেদখলকাৰীয়ে দিনে নিশাই অসমীয়া যুৱককেইজনক ভয় ভাবুকি দিবলৈ আৰম্ভ কৰাৰ লগতে বিলখনত মাছ পোহা কাৰ্যত বিভিন্ন ধৰণে বাধা দিয়াৰ ঘটনা সংঘটিত হৈছে ৷ আনকি ইয়াতে ক্ষান্ত নাথাকি বেদখলকাৰীয়ে অসমীয়া লোকসকলক কাটি হত্যা কৰাৰ ভয় ভাবুকি দিয়ে ৷ ইয়াত অসমীয়া মানুহনো কিমান আছে, কাটি পেলাম তহঁতক বুলি জঘন্য মন্তব্য কৰাৰ কথা সদৰী কৰে খোদ গাঁৱৰ লোকে ৷

আনহাতে পূৰ্বৰেপৰাই সত্ৰৰ বিলখন বেদখল কৰি সংকুচিত কৰি তুলিছিল একাংশ বেদখলকাৰীয়ে ৷ বৰিয়া বিলৰ কাষত বেদখল কৰি বহি লোৱা বেদখলকাৰীয়ে বিলৰ মাটি বেদখল কৰাতে ক্ষান্ত নাথাকি বিলৰ মাটিত জাল পতা, বিলৰ পৰা মাছ ধৰি নিয়া, নিশা অস্ত্ৰ লৈ ভাবুকি দিয়া আদি কাৰ্যৰ ফলত প্ৰাণৰ সংশয়ত ভুগিছে সত্ৰৰ লোক তথা মৎস্য ব্যৱসায়ী যুৱককেইজন ৷ পূৰ্বে সত্ৰৰ সত্ৰাধিকাৰজনকো বেদখলকাৰীয়ে অপদস্থ কৰা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

ইফালে বৰপেটাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা মাথো দুই কিলোমিটাৰ দূৰত্বত অৱস্থিত বৰিয়া বিলৰ লগতে বটিয়া নামৰ আন এখন বিলতো চৰম অত্যাচাৰ চলাই আহিছে অবৈধ বেদখলকাৰীয়ে ৷ নিজ সত্ৰৰ ভূমিতে অসমীয়া যুৱকে এতিয়া প্ৰাণৰ সংশয়ত ভুগিবলগীয়া হোৱা কথাই সত্ৰবাসী ৰাইজক ম্ৰিয়মান কৰি তুলিছে ৷ ইতিমধ্যে সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিয়ে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰি বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক:MGNREGA corruption : বিভাগীয় ব্যৰ্থতাৰ বাবে অসমত প্ৰহসনত পৰিণত এম জি এনৰেগা

ABOUT THE AUTHOR

...view details