অসম

assam

সত্ৰ দৰ্শনৰ বাবে বৰপেটাত উপস্থিত পশ্চিমবংগৰ ভক্তৰ দল

By

Published : Jun 28, 2019, 3:22 PM IST

পশ্চিমবংগৰ মায়াপুৰস্থিত ইস্কনৰ মুখ্য কাৰ্যালয়ৰ পৰা অসমৰ বিভিন্ন বৈষ্ণৱ সত্ৰ দৰ্শনৰ উদ্দেশ্যে উপস্থিত হয় এটা ভক্তৰ দল । কৃষ্ণ ভক্তসকলে গুৱাহাটী, তেজপুৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰাৰ পিচতে শুকুৰবাৰে সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱাৰ লগতে নাম কীৰ্তন কৰে ।

পশ্চিমবংগৰ পৰা বৰপেটা সত্ৰলৈ ৬০ জন ভক্ত

বৰপেটা, ২৮ জুনঃ পশ্চিমবংগৰ মায়াপুৰস্থিত ইস্কনৰ মুখ্য কাৰ্যালয়ৰ পৰা ৬০ জন ভক্ত উপস্থিত হয় বৰপেটাত । অসমৰ বিভিন্ন বৈষ্ণৱ মন্দিৰ দৰ্শনৰ উদ্দেশ্যে উপস্থিত হয় ভকত সকল ।

পশ্চিমবংগৰ পৰা বৰপেটা সত্ৰলৈ ৬০ জন ভক্ত

বৈষ্ণৱ গুৰু শ্ৰীচৈতন্যদেৱৰ পবিত্ৰ জন্মভূমি পশ্চিমবংগৰ মায়াপুৰস্থিত ইস্কনৰ মুখ্য কাৰ্যালয়ৰ পৰা অসমৰ বিভিন্ন বৈষ্ণৱ সত্ৰ দৰ্শনৰ উদ্দেশ্যে উপস্থিত হয় । কৃষ্ণ ভক্তসকলে গুৱাহাটী, তেজপুৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰাৰ পিচতে শুকুৰবাৰে সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱাৰ লগতে নাম কীৰ্তন কৰে । ৰাজ্যখনত থকা বৈষ্ণৱ সত্ৰসমূহ দৰ্শন কৰাৰ লগতে সত্ৰ সমূহ পৰিচালনা পদ্ধতি সম্পৰ্কে বুজ ল’ব বুলি ইস্কনৰ কৃষ্ণ ভক্তসকলে মন্তব্য কৰে ৷ অসমলৈ অহা ইস্কনৰ এই কৃষ্ণভক্ত ব্ৰহ্মচাৰীসকলৰ দলটোত আছে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন ভাষা-ভাষীৰ লোক ৷ এই লোকসকলে বৰপেটা সত্ৰ দৰ্শন কৰি অনুপ্ৰাণিত হোৱা বুলিও মন্তব্য কৰে ৷ ভক্তসকলে আজি বঙাইগাঁৱত নিশা কটাই কাইলৈ পশ্চিমবংগলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে আন এটা বাতৰি - শ্বহীদ জোৱান সুনীল কলিতাৰ বাসভৱনত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details