অসম

assam

জিলাই জিলাই বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদ AJYCP ৰ

By

Published : Sep 6, 2021, 9:44 PM IST

anti big dam protest by ajycp

নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ লগতে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত জিলাই জিলাই ধৰ্ণা কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ তীব্ৰতৰ ৰূপত প্ৰতিবাদ হ’ল তিনিচুকীয়া আৰু বৰপেটা জিলাত ৷

তিনিচুকীয়া, বৰপেটা, 6 ছেপ্টেম্বৰ :বৃহৎ নদী বান্ধৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিছে ৰাজ্যৰ জাতীয় দল-সংগঠন সমূহ ৷ একেদৰেই এই ধাৰা অব্যাহত ৰাখিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও । সোমবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো নামনি-সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ লগতে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিলা সমিতিৰ উদ্যোগত ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদস্থলীৰ পৰা জনায় যে, নামনি অংশৰ কোনোধৰণৰ অধ্যয়ন নকৰাকৈ বৃহৎ নদীবান্ধৰ কাম চলি আছে । গতিকে ইয়াক সংগঠনটোৱে বিৰোধিতা কৰাৰ লগতে অসমৰ ৰাইজৰ জীৱন সুৰক্ষাৰ স্বাৰ্থত বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ অনাগত দিনত মাৰবান্ধি থিয় দিব ।

জিলাই জিলাই বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদ AJYCP ৰ

বৃহৎ নদী বান্ধ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত সোমবাৰে বৰপেটাতো প্ৰতিবাদী গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

বৰপেটাৰ প্ৰতিবাদ

অসম আৰু অসমীয়া মানুহৰ জীৱনলৈ নামি আহিব পৰা ভয়াৱহ সংকটৰ পৰা ৰক্ষা কৰাৰ বাবে নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবী জনায় সংঘটনটোৱে ৷ উক্ত প্ৰতিবাদী অৱস্থান ধৰ্মঘটস্থলীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷ নামনিৰ জন-জীৱন আৰু জৈৱ বৈচিত্ৰৰ প্ৰতি কঢ়িয়াই আনিব পৰা ভয়াৱহ ভাবুকিৰ পৰা ৰক্ষাৰ বাবে চৰকাৰখনক নদীবান্ধ বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে ৷

লগতে পঢ়ক :৮ ছেপ্তেম্বৰত NFR মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস

ABOUT THE AUTHOR

...view details