অসম

assam

বৰমা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত নাই কোনো ধৰণৰ সুব্যৱস্থা

By

Published : Jun 4, 2020, 2:09 PM IST

কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে প্ৰস্তুত কৰি তোলা বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত কোনো ধৰণৰ সুব্যৱস্থা নথকাৰ অভিযোগ উত্থাপিত হৈছে ৷

people facing problem barama college quarantine centre
people facing problem barama college quarantine centre

বাক্সা, 4 জুনঃ বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় সাজু কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ৷ কিন্তু এই কোৱাৰেণ্টাইন কেন্দ্ৰ বহিঃৰাজ্যৰ পৰা আহি থকা প্ৰায় দুই শতাধিক লোকৰ বাবে হৈ পৰিছে বিপদজনক ৷ অভিযোগ অনুসৰি কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ নাই পৰ্যাপ্ত শৌচাগাৰ, প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা ৷ থাকিবলৈয়ো নাই কোনো পৰ্যাপ্ত ব্যৱস্থা ৷

বৰমা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত নাই কোনো ধৰণৰ সুব্যৱস্থা

আন এক অভিযোগ মতে, দুদিন পূৰ্বে কোৱাৰেণ্টাইনত থকা লোক সকলৰ খাদ্য‌, টোপলা কৰি মাটিত দলিয়াই থৈ আহিছিল ৷ যাক লৈ কেন্দ্ৰটোত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ ৷ ইয়াৰোপৰি আৱৰ্জনা পেলাবলৈয়ো কোৱাৰেণ্টাইন কেন্দ্ৰটোত নাই কোনো ধৰণৰ ব্যৱস্থা ৷ যাৰ বাবে পেলনীয়া বস্তু সমূহ য'তে-ত'তে পেলোৱা বুলি অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ অধ্যাপক এগৰাকীয়ে ৷

লগতে পঢ়কঃঅসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা 1830 লৈ বৃদ্ধি ৷

ABOUT THE AUTHOR

...view details