অসম

assam

WIMBLEDON : নিজ আধিপত্যক পুনঃ প্ৰতিষ্ঠাৰ প্ৰয়াস চলাব ফেডেৰাৰে

By

Published : Jul 6, 2021, 6:21 PM IST

Roger Federer has spoken about his struggles after won Wimbledon Championship quarter final
উইম্বলডন চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত লৰেঞ্জ' ছ'নেগ'ক পৰাস্ত কৰিলে ৰ'জাৰ ফেডেৰাৰে ()

গোটেই বছৰটোত ইটোৰ পিছত সিটো সমস্যাই লগ এৰা দিয়া নাই ৰ'জাৰ ফেডেৰাৰ(Roger Federer)ক । সোমবাৰে উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon Championship)ৰ কোৱাৰ্টাৰ ফাইনেলত ৭-৫, ৬-৪, ৬-২ ছেটত লৰেঞ্জ' ছ'নেগ'ক পৰাস্ত কৰি অভিলেখ ৰচিলে টেনিছ তাৰকাগৰাকীয়ে । জয়ৰ পিছতে গোটেই বছৰটো ধৰি স্বাস্থ্যজনিত সমস্যা আৰু আন সমস্যাবোৰৰ সৈতে যুঁজি আগবাঢ়ি অহা এই যাত্ৰাৰ কথা সুঁৱৰিলে ৰ'জাৰ ফেডেৰাৰে ।

স্পৰ্টছ ডেস্ক, ৬ জুলাই: বাৰে বাৰে নিজকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ সুযোগ এৰি নিদিয়ে টেনিছ তাৰকা ৰ'জাৰ ফেডেৰাৰে । আন বহু খেলুৱৈৰ সপোন স্বৰূপ বহু কেইখন টেনিচ চেম্পিয়নশ্বিপৰ বিজয়ীৰ ট্ৰফী অতি সহজেই জয় কৰে ফেডেৰাৰে । এই দক্ষতাৰ বাবে টেনিছ তাৰকাগৰাকীয়ে ক্ৰীড়া প্ৰেমীৰ অন্তৰ জয় কৰে বাৰে বাৰে । কিন্তু এই যাত্ৰা আপুনি, মই ভবাৰ ধৰণে সহজ নহয় ।

একাগ্ৰতা, কঠোৰ অনুশীলন, জয়ী হোৱাৰ অদম্য হেঁপাহে এই সফল হোৱাৰ ক্ষেত্ৰত সদায়ে সহায় কৰে ৰ'জাৰ ফেডেৰাৰক । দক্ষতা থকা স্বত্বেও কেতিয়াবা কিছুমান বাধাই লক্ষ্যত উপনীত হোৱাত বাধাৰ সৃষ্টি কৰে । শেহতীয়াকৈ উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon Championship)ৰ কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হোৱাৰ পাছত এটা বছৰে কৰিবলগীয়া হোৱা সংগ্ৰামৰ কথা মনত পেলাইছে ৰ'জাৰ ফেডেৰাৰে ।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব নে নাই, তাকে লৈ যথেষ্ট অনিশ্চয়তাত ভুগিছিল খেলুৱৈগৰাকীয়ে । ৪০ৰ দেওনাত ভৰি থ'বলৈ মাথোঁ এমাহ বাকী । বিগত বৰ্ষত চুইছ টেনিছ তাৰকাগৰাকীৰ সোঁ আঁঠুৰ দুটা আৰ্থ্ৰোস্কোপিক অস্ত্ৰোপচাৰ(Arthroscopic operation) সম্পন্ন হৈছিল ।

কোৱাৰ্টাৰ ফাইনেলৰ পিছত ফেডেৰাৰে মনৰ কথা প্ৰকাশ কৰি কৈছে যে, "যেতিয়া আমি সৰু থাকো, তেতিয়া আমি নিজকে এই প্ৰশ্নটো নকৰো । কিন্তু যেতিয়া আপুনি মোৰ সম বয়সীয়া হ'ব, তেতিয়া এই সকলোতে প্ৰশ্নবোধক চিহ্ন অনুভৱ কৰিব । আপুনি পুনৰ নিজকে প্ৰমাণ কৰিব লাগিব যে আপুনি প্ৰকৃততে এই কাম কৰিব পাৰে ।"

তেওঁ লগতে কয় যে, তেওঁ তথ্য লাভৰ বাবে লোকচান বহন কৰিবলৈও সাজু আছিল । তেওঁ আশা কৰিছিল যে, উইম্বলডন (Wimbledon ) আৰম্ভ হ'লে পুনৰ আগৰ দৰেই হ'ব সকলো পৰিস্থিতি । তেওঁ লগতে জানিবলৈ দিয়ে যে, তেওঁ তেতিয়াও বাহিৰলৈ যাব পাৰে আৰু পাঁচটাকৈ ছেট খেলিব পাৰে ।

তেওঁ লগতে কয় যে, খেলৰ ক্ষেত্ৰত এতিয়া তেওঁৰ কিছু উন্নতি হৈছে । পৰিস্থিতিৰ সৈতে তেওঁ অভ্যস্ত হৈ পৰিছে বুলিও মন্তব্য কৰে । সোমবাৰে উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon Championship)ৰ কোৱাৰ্টাৰ ফাইনেলত ৭-৫, ৬-৪, ৬-২ ছেটত লৰেঞ্জ' ছ'নেগ'ক পৰাস্ত কৰে টেনিছ তাৰকাগৰাকীয়ে । ছ'নেগ'ৰ সৈতে খেলা খেলখন উইম্বলডনত ফেডেৰাৰ ১১৮ সংখ্যক খেল আছিল ।

লগতে পঢ়ক:টকিঅ' অলিম্পিকৰ বাবে 26 জনীয়া ভাৰতীয় দল ঘোষণা

ABOUT THE AUTHOR

...view details