অসম

assam

Asian Elite Boxing Championships: স্বৰ্ণ পদক আঁজুৰি আনিলে অসম কন্যা লাভলীনাই

By

Published : Nov 11, 2022, 7:04 PM IST

Asian Elite Boxing Championships

এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত (Asian Elite Boxing Championships in Amman) ৭৫ কেজিত স্বৰ্ণ পদক লাভ কৰে লাভলীনা বৰগোহাঁয়ে (Lovlina Borgohain achieved Gold)। এছিয়ান মঞ্চত লভলিনাৰ এয়া প্ৰথম স্বৰ্ণ পদক । ইয়াৰ পূৰ্বে তেওঁৰ সৰ্বোত্তম ফিনিছিং আছিল ব্ৰঞ্জৰ পদক ৷

নিউজ ডেস্ক, 11 নৱেম্বৰ: শুকুৰবাৰে জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত (Asian Elite Boxing Championships in Amman) ৭৫ কেজিত স্বৰ্ণ পদক লাভ কৰে লাভলীনা বৰগোহাঁয়ে (Lovlina Borgohain achieved Gold)। এছিয়ান মঞ্চত লভলিনাৰ এয়া প্ৰথম স্বৰ্ণ পদক । ইয়াৰ পূৰ্বে তেওঁৰ সৰ্বোত্তম ফিনিছিং আছিল ব্ৰঞ্জৰ পদক ৷

লাভলীনাই ইয়াৰ পূৰ্বে দুবাৰকৈ লাভ কৰিছিল ব্ৰঞ্জ (Asian Elite Boxing Championships) । ফাইনেলত সৰ্বসন্মতিক্ৰমে লাভলীনাই উজবেকিস্তানৰ ৰুজমেটোভা ছ’খিবাক ৫:০ গ’লত পৰাস্ত কৰে । এই জয় লভলিনাৰ বাবে আৰু অধিক বিশেষ, কিয়নো ৭৫ কেজি শাখাত এইটোৱেই তেওঁৰ প্ৰথম পদক । ৬৯ কেজিৰ পৰা ওজনৰ শাখা সলনি হৈছে ৷ কাৰণ তেওঁৰ পূৰ্বৰ শাখাটো পেৰিছ অলিম্পিক কাৰ্যসূচীৰ পৰা বাতিল কৰা হৈছিল ।

ইয়াৰ পূৰ্বে এছিয়ান চেম্পিয়নশ্বিপ, বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিকত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল । এতিয়া ট্ৰফী কেবিনেটত সোণৰ পদক লৈ অসমৰ বক্সাৰগৰাকীয়ে যেন আচৰিত ধৰণে অলিম্পিকৰ বাবে অভিযান আৰম্ভ কৰিছে ।

লাভলীনাৰ উপৰিও আন দুগৰাকী বক্সাৰ পাৰবীন হুডা (৬৩ কেজি) আৰু ছাউইটিয়ে (৮১ কেজি) শুকুৰবাৰে ফাইনেলত নিজৰ শাখাত স্বৰ্ণ পদক লাভ কৰে । ইয়াৰ ফলত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা তিনিলৈ বৃদ্ধি পাইছে (Indian Boxers achieved gold)। বিগত বছৰৰ এছিয়ান চেম্পিয়নশ্বিপত মাত্ৰ এগৰাকী ভাৰতীয় মহিলা পিংকি ৰাণীয়ে স্বৰ্ণ পদক লাভ কৰিছিল ।

লগতে পঢ়ক:Asian Boxing Championships 2022: শিৱ থাপা আৰু লাভলীনাৰ জয় যাত্ৰা অব্যাহত

ABOUT THE AUTHOR

...view details