অসম

assam

World Women Boxing Championship: ভাৰতে তৃতীয়বাৰলৈ আয়োজন কৰিব মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ

By

Published : Nov 9, 2022, 1:51 PM IST

ভাৰতে তৃতীয়বাৰলৈ আয়োজন কৰিব মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ(India to host World Women Boxing Championship ) ৷ ইয়াৰ পূৰ্বে ২০০৬ আৰু ২০১৮ চনত ভাৰতে নতুন দিল্লীত দুবাৰকৈ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আয়োজন কৰিছিল ৷ অৱশ্যে ভাৰতে এতিয়ালৈ পুৰুষৰ বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ আয়োজন কৰা নাই ৷

World Boxing Championship
ভাৰতে তৃতীয়বাৰলৈ আয়োজন কৰিব মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ

স্পৰ্টছ ডেস্ক, ৯ নৱেম্বৰ:ভাৰতে ২০২৩ চনত নতুন দিল্লীত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আয়োজন কৰিব(World Women Boxing Championship in India) ৷ ইয়াৰ পূৰ্বে ভাৰতে ২০০৬ আৰু ২০১৮ চনত নতুন দিল্লীত দুবাৰকৈ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আয়োজন কৰিছিল ৷ ভাৰতীয় বক্সিং মহাসংঘৰ (Boxing Federation of India) মহাসচিব হেমন্ত কলিতাই ভাৰতে মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ আয়োজকৰ অধিকাৰ লাভ কৰাৰ কথা সদৰী কৰি মাৰ্চৰ শেষৰ ফালে আৰু এপ্ৰিলৰ প্ৰথম সপ্তাহত এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ভাৰতে এতিয়ালৈ পুৰুষৰ বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ আয়োজন কৰা নাই ৷ দুবছৰৰ পূৰ্বে ভাৰতে পুৰুষ শাখাৰ প্ৰতিযোগিতাখন আয়োজনৰ অধিকাৰ লাভ কৰিছিল যদিও বিশ্বব্যাপী পৰিচালনা সমিতিক প্ৰয়োজনীয় মাচুল পৰিশোধ কৰিব নোৱাৰাত ভাৰতে আয়োজকৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল ৷ আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ'চিয়েশ্যনৰ (International Boxing Association) সভাপতি উমাৰ ক্ৰেমলেভ তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণত আছে ৷ তেওঁৰ এই ভ্ৰমণৰ সময়চোৱাতেই ভাৰতীয় বক্সিং মহাসংঘই তেওঁৰ লগত মিলিত হ’ব আৰু প্ৰতিযোগিতাখনৰ দিন চূড়ান্ত কৰাৰ কথা জানিবলৈ দিয়ে মহাসচিব হেমন্ত কলিতাই(Boxing championship in India) ৷

কলিতাই সদৰী কৰা অনুসৰি প্ৰতিযোগিতাখন জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ভাৰতলৈ এই প্ৰতিযোগিতা আয়োজনৰ অধিকাৰ অহাতো অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো ভাৰতীয় বক্সিং মহাসংঘই আয়োজক মাচুল পৰিশোধ কৰাত বিফল হোৱাৰ পিছত ছাৰ্বিয়াৰ হাতত 2021 চনৰ অনুষ্ঠানটোৰ আয়োজনৰ অধিকাৰ হেৰুৱাইছিল ৷ যাৰ ফলত আন্তৰ্জাতিক বক্সিং এছ'চিয়েশ্যনে ইয়াৰ চুক্তি বাতিল কৰিছিল ।

তুৰ্কীত অনুষ্ঠিত মহিলা প্ৰতিযোগিতাৰ অন্তিম সংস্কৰণত ভাৰতে ফ্লাইৱেট শাখাত নিখাত জাৰিনৰ স্বৰ্ণকে ধৰি তিনিটা পদক লাভ কৰিছিল । আন্তৰাষ্ট্ৰীয় বক্সিং এছ'চিয়েশ্যনৰ সভাপতি উমাৰ ক্ৰেমলেভ অলপতে ঘোষণা কৰিছিল যে অহা বছৰ মে'ত তাচখন্দত অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ বিশ্ব চেম্পিয়নশ্বিপত পুৰস্কাৰৰ ধন পূৰ্বৱৰ্তী সংস্কৰণৰ তুলনাত দুগুণ হ'ব ।

লগতে পঢ়ক:ICC player of month: বিৰাট কোহলীলৈ আইচিচিৰ প্লেয়াৰ অৱ দ্য মান্থ সন্মান

ABOUT THE AUTHOR

...view details