অসম

assam

টকিঅ’ অলিম্পিকৰ বাবে নিৰপেক্ষ পৰীক্ষণৰ দাবী নিখত জৰীণৰ

By

Published : Oct 18, 2019, 8:25 PM IST

বৃহস্পতিবাৰে মেৰী কমৰ টকিঅ’ অলিম্পিকৰ নিৰ্বাচনৰ ওপৰত প্ৰশ্ন তুলি সকলোকে সম অধিকাৰৰ দাবী উত্থাপন কৰিছিল ভাৰতীয় বক্সাৰ নিখত জৰীণে ৷ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুক পত্ৰ লিখি আবেদন জনাইছিল খেলুৱৈগৰাকীয়ে ৷

BFI to hold selection committee meeting over Nikhat Zareen's plea

স্পৰ্টছ ডেস্ক, 18 অক্টোবৰ:কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুক পত্ৰ লিখি আবেদন বক্সাৰ নিখত জৰীণৰ ৷ টকিঅ’ অলিম্পিকৰ বাবে নিৰপেক্ষ পৰীক্ষণৰ দাবী বক্সাৰগৰাকীৰ ৷ এই সন্দৰ্ভত অহা সপ্তাহত চৰ্চা কৰিব ভাৰতীয় বক্সিং ফেডাৰেচনে ৷ জৰীণৰ অভিযোগ ব্ৰঞ্জৰ পদক বিজয়ী মেৰী কমৰ বাবেই পূৰ্বৰ নিয়ম সাল-সলনি কৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনে ৷ কাৰণ পূৰ্বতে অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে কেৱল স্বৰ্ণ আৰু ৰূপৰ পদক বিজয়ী খেলুৱৈৰ হে ট্ৰাইল দিয়াৰ প্ৰয়োজন নাছিল ৷ কিন্তু ভাৰতীয় বক্সিং ফেডাৰেচনে বৰ্তমান ব্ৰঞ্জৰ পদক বিজয়ী মেৰী কমেও ট্ৰাইল দিয়াৰ প্ৰয়োজন নাই বুলি কোৱা মন্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে নিখত জৰীণে ৷

বৃহস্পতিবাৰে টকিঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে উচিত সুযোগৰ দাবী কৰি ক্ৰীড়ামন্ত্ৰীক পত্ৰ পঠিয়াইছিল খেলুৱৈগৰাকীয়ে ৷ ক্ৰীড়ামন্ত্ৰীক দিয়া পত্ৰত জৰীণে উল্লেখ কৰিছিল,বিশ্বকাপত সোণৰ অথবা ৰূপৰ পদক জয়ী খেলুৱৈসকলৰ বাবে অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে ট্ৰাইল দিয়াৰ প্ৰয়োজন নাছিল ৷ কিন্তু বৰ্তমানে বিশ্বকাপত ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈ মেৰী কমৰ বাবেই পূৰ্বৰ নিয়ম সলনি কৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনে ৷

এই সন্দৰ্ভত এক সূত্ৰৰ পৰা জানিব পৰা মতে,ভাৰতীয় বক্সিং সন্থাৰ অধ্যক্ষ বৰ্তমান দেশৰ বাহিৰত আছে ৷ যাৰ বাবে এখন আভ্যন্তৰীণ বৈঠকৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ য’ত খেলুৱৈসকল উপস্থিত নাথাকিব ৷ আগন্তুক সপ্তাহৰ ভিতৰত এই বৈঠক হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ বহু সদস্য বৰ্তমান দিল্লীৰ বাহিৰত আছে ৷ আনহাতে খেলুৱৈগৰাকীৰ দাবীৰ সন্দৰ্ভত সূত্ৰই জানিবলৈ দিয়ে যে, এই বিষয়ে ৰাষ্ট্ৰপতি আৰু দল নিৰ্বাচক মণ্ডলীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাচতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ ৰাষ্ট্ৰপতি ওভতি অহাৰ লগতে নিৰ্বাচক মণ্ডলীৰ বৈঠকত কি আলোচনা কৰা হয় তাৰ বাবে অপেক্ষা কৰা হৈছে ৷

আনহাতে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে জৰীণৰ আবেদনৰ পিচত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, টকিঅ’ অলিম্পিকৰ বাবে নিৰপেক্ষ বিচাৰ হোৱা উচিত লগতে সন্থাৰ দ্বাৰা দল নিৰ্বাচনৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা উচিত নহ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

মেৰী কম

ইপিনে মেৰী কমৰ বাবেই যোগ্যতা অৰ্জনৰ বাবে সুযোগ হেৰুৱাইছিল নেকি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত খেলুৱৈগৰাকীয়ে হয় বুলি কয় ৷ উল্লেখ্য যে,বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাজয়ৰ পাচত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মেৰী কমে ৷ তুৰ্কীৰ খেলুৱৈৰ হাতত 51 কিলোগ্ৰাম শাখাত 4-1 ব্যৱধানত পৰাজয়বৰণ কৰিছিল মেৰী কমে ৷ মেৰী কমৰ এইটো আছিল বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ অষ্টমটো পদক ৷ উল্লেখ্য যে আঠটা পদক লাভ কৰা একমাত্ৰ এথলীট হৈছে মেৰী কম ৷

ABOUT THE AUTHOR

...view details