ETV Bharat / sports

ৰাঁচী টেষ্টক লৈ দৰ্শকৰ মাজত অনীহা ! এই পৰ্যন্ত 1500 টিকট বিক্ৰী

author img

By

Published : Oct 18, 2019, 4:48 PM IST

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ অন্তিমখন মেচ শনিবাৰে অনুষ্ঠিত হ’ব ধোনীৰ গৃহ ভূমি ৰাঁচীত ৷ কিন্তু এই টেষ্ট মেচখনক লৈ দৰ্শকৰ মাজত দেখা গৈছে অনীহা ৷

ৰাঁচী টেষ্টক লৈ দৰ্শকৰ মাজত অনীহা ! এই পৰ্যন্ত 1500 টিকট বিক্ৰী

স্পৰ্টছ ডেস্ক,18 অক্টোবৰঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট মেচ শনিবাৰে অনুষ্ঠিত হ’ব ৰাঁচীৰ জে এছ চি এ ষ্টেডিয়ামত ৷ কিন্তু এই মেচখনক লৈ দৰ্শকৰ মাজত নাই উৎসাহ ৷ কাৰণ এই পৰ্যন্ত মেচখনৰ বাবে বিক্ৰী হৈছে কেৱল মাত্ৰ 1500 টিকট ৷ এই কথা সদৰী কৰিছে ঝাৰখণ্ড ষ্টেট ক্ৰিকেট এশ্ব’ছিয়েচনৰ সম্পাদক সঞ্জয় চহায়ে ৷ ষ্টেডিয়ামখনৰ দৰ্শকৰ বাবে আসনৰ ক্ষমতা হৈছে 39,000 হাজাৰ ৷ অকল দৰ্শকৰ মাজত হস্পিটেলিটী অংশৰ হে টিকটৰ চাহিদা দেখা পোৱা গৈছে বুলি উল্লেখ কৰি কয় যে মেচখনৰ নিম্নতম টিকটৰ মূল্য হৈছে 200 টকা আৰু সৰ্বাধিক টিকটৰ মূল্য হৈছে 2000 টকা ৷

Ranchi test attracts less crowd as only 1500 tickets sold is Ms Dhoni the reason
ধোনী

উল্লেখ্য যে, এই মেচখনৰ বাবে মুঠ 5000 হাজাৰ টিকট পেৰা মিলিটেৰী ফৰ্ছ,আৰ্মী,স্থানীয় আৰক্ষী,নেশ্বনেল কেডেট ক্ৰপ্ছক বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.