অসম

assam

ICC World Cup 2023 : বিশ্বকাপত টাৰ্গেট অনুসৰণৰ ক্ষেত্ৰত সফল বেটছমেনৰ তালিকাৰ শীৰ্ষত ৰোহিত শৰ্মা

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:23 PM IST

ৰাণ চেজ কৰা বা টাৰ্গেট অনুসৰণৰ সময়ত ৰোহিত শৰ্মাই বেটিঙৰ জৰিয়তে উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাইছে । যাৰ বাবে এই ক্ষেত্ৰত বিশ্বকাপৰ আটাইতকৈ সফল বেটছমেন হিচাপে পৰিগণিত হৈছে । তালিকাৰ ৬ নম্বৰত আছে বিৰাট কোহলী ।

ICC World Cup 2023
বিশ্বকাপত ৰাণ চেজৰ ক্ষেত্ৰত সফল বেটছমেনৰ তালিকাৰ শীৰ্ষত ৰোহিত শৰ্মা

স্পৰ্টছ ডেস্ক,১৫ অক্টোবৰ :বিশ্বকাপৰ যোৱা ৩ খন খেলত ভাৰতীয় দলৰ প্ৰদৰ্শন যথেষ্ট প্ৰভাৱশালী দেখা গৈছে । বিশেষকৈ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ ফৰ্ম পুনৰ ঘূৰি আহিছে । এতিয়ালৈ আইচিচি বিশ্বকাপ ২০২৩ত তেওঁ ১ টা শতক আৰু ১ টা অৰ্ধ-শতকৰ সৈতে ৩ খন মেচত ২১৭ ৰাণ সংগ্ৰহ কৰিছে । এই তিনিখন খেলত ৰোহিতে ২২ টা চাৰি আৰু ১১ টা ছিক্সাৰ মাৰিছে ।

ৰোহিতে আফগানিস্তানৰ বিৰুদ্ধে ১৩১ ৰাণৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে । ইয়াৰ পাছত, তেওঁ পাকিস্তানৰ বিৰুদ্ধেও ৮৬ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে । এই দুয়োটা গুৰুত্বপূৰ্ণ ইনিংছৰ সৈতে ৰোহিত শৰ্মা এদিনীয়া বিশ্বকাপৰ ইতিহাসত ৰাণ চেজ কৰা আটাইতকৈ সফল বেটছমেন হৈ পৰিছে ।

ৰোহিত শৰ্মাই ৰাণ চেজ কৰাৰ সময়ত এদিনীয়া বিশ্বকাপৰ ৯ টা ইনিংছত ৫৮৬ ৰাণ সংগ্ৰহ কৰিছে । ৰোহিতৰ উপৰিও, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙৰ নামো এই তালিকাত লিপিবদ্ধ কৰা হৈছে । পন্টিঙে ১৬ টা ইনিংছত ৫১৯ ৰাণ সংগ্ৰহ কৰিছে । ৰিকি পন্টিঙক অতিক্ৰম কৰি ৰোহিত শৰ্মাই বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ সফল বেটছমেন হোৱাৰ খিতাপ অৰ্জন কৰিছে ।

এই তালিকাত, নিউজিলেণ্ডৰ অপেনাৰ মাৰ্টিন গাপ্টিল ৰোহিত শৰ্মা আৰু ৰিকি পন্টিঙৰ পাছত তিনি নম্বৰত আছে । তেওঁ ১২ টা ইনিংছত ৫০৪ ৰাণ সংগ্ৰহ কৰিছে । ৪ নম্বৰত আছে অষ্ট্ৰেলিয়াৰ এডাম গিলক্ৰিষ্ট, যিয়ে ১৪ টা ইনিংছত ৪৯৮ ৰাণ সংগ্ৰহ কৰিছে । নিউজিলেণ্ডৰ ষ্টিফেন ফ্লেমিং এই তালিকাৰ ৫ নম্বৰত আছে, যিয়ে ৰাণ চেজ কৰাৰ সময়ত ১২ টা ইনিংছত ৪৬৮ ৰাণ সংগ্ৰহ কৰিছে ।

ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এই বিশ্বকাপত উক্ত প্ৰাক্তন খেলুৱৈসকলক অতিক্ৰম কৰাৰ সুযোগ পাব । বৰ্তমান, বিশ্বকাপত ৰাণ চেজৰ সময়ত সফল বেটছমেনৰ তালিকাত বিৰাট ৬ নম্বৰত আছে । কোহলীয়ে ১৩ টা ইনিংছত ৪৬১ ৰাণ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :India beat Pakistan : 'ভাৰতপন্থী বিশাল সমৰ্থনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে'-মিকি আৰ্থাৰ

ABOUT THE AUTHOR

...view details