ETV Bharat / sports

India beat Pakistan : 'ভাৰতপন্থী বিশাল সমৰ্থনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে'-মিকি আৰ্থাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 1:57 PM IST

নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত প্ৰায় ১,৩০,০০০ দৰ্শকৰ উপস্থিতিত ভাৰত আৰু পাকিস্তানৰ খেল অনুষ্ঠিত হয় । প্ৰশিক্ষক মিকি আৰ্থাৰৰ মতে পাকিস্তানৰ পৰাজয়ৰ অন্যতম কাৰণ আছিল সমৰ্থনৰ অভাৱ । এয়া বিচিচিআইৰ অনুষ্ঠান আছিল বুলিহে তেওঁ দাবী কৰে ।

India beat Pakistan
ভাৰতপন্থী বিশাল সমৰ্থনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে

স্পৰ্টছ ডেস্ক,১৫ অক্টোবৰ : আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত ৰোমাঞ্চকৰ খেলখনত শনিবাৰে ভাৰতে পাকিস্তানক পৰাস্ত কৰে । লগে লগে পাকিস্তানৰ সমৰ্থকসকলে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে । ইফালে পাকিস্তান দলৰ প্ৰশিক্ষক মিকি আৰ্থাৰকো অসন্তুষ্ট দেখা গৈছে । আৰ্থাৰে অনুৰাগীৰ আধাৰৰ একপক্ষীয় প্ৰকৃতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ।

ক্ৰিকেট জগতৰ আটাইতকৈ তীব্ৰ প্ৰতিদ্বন্দিতা হিচাপে বিবেচিত ভাৰত-পাকিস্তানৰ সংঘৰ্ষ বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হয় । যাৰ বাবে ঘৰুৱা অনুৰাগীসকলে 'মেন ইন ব্লু'ক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত বৃহৎ সংখ্যাত উপস্থিত হৈছিল ।

ভাৰতে ৭ উইকেটত বিজয় সাব্যস্ত কৰাৰ পাছত আৰ্থাৰে তেওঁৰ হতাশা প্ৰকাশ কৰে । সংবাদমেলত তেওঁ কয় যে এয়া আইচিচিৰ প্ৰতিযোগিতা যেন লগা নাছিল । এয়া এক দ্বিপাক্ষিক শৃংখলা যেন লাগিছিল বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ মতে এয়া বিচিচিআইৰ অনুষ্ঠান যেনহে লাগিছিল । মাইক্ৰ'ফোনতো পাকিস্তানৰ পক্ষত কথা কোৱা তেওঁ নিশাও শুনিবলৈ পোৱা নাছিল বুলি উল্লেখ কৰে ।

ষ্টেডিয়ামত পাকিস্তানী সমৰ্থকৰ সীমিত সংখ্যাকলৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁৰ মতে ষ্টেডিয়ামত সেউজীয়াৰ অভাৱ আছিল কাৰণ পাকিস্তানী অনুৰাগীসকলক প্ৰতিযোগিতাখনৰ বাবে ভিছা প্ৰদান কৰা হোৱা নাছিল । আৰ্থাৰে লগতে কয় যে পাকিস্তানৰ পৰাজয়ৰ অন্যতম কাৰক আছিল ষ্টেডিয়ামত একত্ৰিত হোৱা প্ৰায় ১,৩০,০০০ ভাৰতীয় সমৰ্থক । ইমান ভিৰ আৰু পাকিস্তানৰ বিৰুদ্ধে ইমান পক্ষপাতিত্বমূলক সমৰ্থনে খেলখনত প্ৰভাৱ পেলাইছিল বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

তেওঁ কয় যে এনে ধৰণৰ প্ৰতিযোগিতাত জনতাই এক বৃহৎ ভূমিকা পালন কৰে কিন্তু তেওঁলোকে ইয়াক পৰাজয়ৰ অজুহাত হিচাপে ব্যৱহাৰ নকৰে । আৰ্থাৰে কয় যে তেওঁলোকে ইয়াক লৈ ইমান চিন্তা কৰা নাই । তেওঁলোকৰ উদ্দেশ্য আছিল ভাৰতীয় বা ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে তেওঁলোকে কেনেদৰে যুঁজ দিব ।

উল্লেখ্য যে খেলখনত ভাৰতীয় বলাৰসকলে পাকিস্তানৰ বেটিং লাইনআপক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল । বুমৰাহ, চিৰাজ, পাণ্ডিয়া, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ উইকেট লাভ কৰি মাত্ৰ ৪২.৫ অভাৰতে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ১৯১ ৰাণত অলআউট কৰিছিল । অধিনায়ক বাবৰ আজমে পাকিস্তানৰ হৈ সৰ্বাধিক ৫৮ বলত ৫০ ৰাণ সংগ্ৰহ কৰে । আনহাতে মহম্মদ ৰিজৱানে ৪৯ ৰাণ কৰে । ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই ৮৬ ৰাণ আৰু শ্ৰেয়াছ আয়াৰে ৫৩ ৰাণ কৰে । যাৰ বাবে ভাৰতীয় দলটো ৭ উইকেটত জয়ী হয় ।

লগতে পঢ়ক :World Cup 2023: বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে ক্ৰমাগতভাৱে অষ্টমটো জয় ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.