অসম

assam

পৰৱৰ্তী কপিল দেৱ হ’ব খুজিছিল আশ্বিন

By

Published : Mar 8, 2022, 9:19 PM IST

কপিল দেৱৰ অভিলেখ ভংগ কৰাৰ কথা সপোনতো ভবা নাছিল আশ্বিনে (Ashwin went past Kapil Dev's record)৷ এজন বেটচমেন হ’ব খুজিছিল আশ্বিন ৷ কিন্তু লাহে লাহে পৰৱৰ্তী কপিল দেৱ হোৱাৰ ইচ্ছা জাগিছিল আশ্বিনৰ ৷

Ashwin went past Kapil Dev's record
পৰৱৰ্তী কপিল দেৱ হ’ব খুজিছিল আশ্বিন

নিউজ ডেস্ক, 8 মাৰ্চ : পৰৱৰ্তী কপিল দেৱ হ’ব খুজিছিল ভাৰতীয় ক্ৰিকেট দলৰ অফ স্পীনাৰ ৰবীচন্দ্ৰন আশ্বিন ৷ কপিল দেৱৰ 434 টা উইকেটৰ অভিলেখ ভংগ কৰাৰ পাচত আশ্বিনে কয় যে, তেওঁ আৰু অধিক নিপুন হ’ব খুজিছিল আৰু মিডিয়াম পেচ বল কৰিছিল ৷ এজন শিশুৰ দৰে আশ্বিনে ক’লে যে তেওঁ পৰৱৰ্তী কপিল দেৱ হ’ব খুজিছিল (Ravichandran Ashwin new record)৷ ক্ৰিকেট কেৰিয়াৰৰ 85 সংখ্যক টেষ্ট মেচখন খেলি 35 বৰ্ষীয় আশ্বিনে কিংবদন্তি ভাৰতীয় অধিনায়ক কপিল দেৱৰ 434 টা টেষ্ট উইকেটৰ অভিলেখ ভংগ কৰে (Ashwin went past Kapil Dev's record)৷

ইয়াৰ লগে লগে দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ’ল আশ্বিন ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ (India Sri Lanka test series) প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংচত আলহী দলটোৰ চৰিথ আচালাংকাৰ উইকেট দখল কৰাৰ লগে লগে আশ্বিন হৈ পৰি এই অভিলেখৰ অধিকাৰী ৷ ভাৰতে এই মেচ খনত এক ইনিংচ আৰু 222 ৰাণত জয় লাভ কৰে ৷

আশ্বিনে নিজৰ ইউটিউব চেনেলত কয় যে, 28 বছৰ আগতে ৰিচাৰ্দ হেডলীৰ অভিলেখ ভংগ কৰাৰ সময়ত কপিল দেৱৰ কৃতিত্বত উৎফুল্লিত হৈ পৰিছিল স্পীনাৰ গৰাকী৷ আশ্বিনে কয় যে, তেওঁ কপিল দেৱৰ অভিলেখ ভংগ কৰিব বুলি সপোনতো ভবা নাছিল ৷ কিয়নো তেওঁ 8 বছৰ বয়সত যেতিয়া ক্ৰিকেট আৰম্ভ কৰিছিল, আশ্বিনৰ সপোন আছিল বেটছমেন হোৱাৰ ৷

কপিল দেৱে 131 খন মেচত 434 টা উইকেট সংগ্ৰহ কৰিছিল ৷ আন এজন কিংবদন্তি বলাৰ অনিল কুম্বলে 619 টা উইকেটেৰে তালিকাৰ শীৰ্ষত আছে ৷ 132 খন মেচত 619 টা উইকেট সংগ্ৰহ কৰিছিল কুম্বলেয়ে ৷ টেষ্ট ক্ৰিকেটত 400 উইকেট সংগ্ৰহ কৰা আশ্বিন হৈছে চতুৰ্থ গৰাকী ভাৰতীয় বলাৰ ৷ তাৰোপৰি টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী বিশ্বৰ নৱম গৰাকী খেলুৱৈ হৈছে আশ্বিন ৷

লগতে পঢ়ক :আন এক অভিলেখৰ দিশে আগবাঢ়িছে ৰবি চন্দ্ৰন অশ্বিন

ABOUT THE AUTHOR

...view details