অসম

assam

MS Dhoni on Retiredment : ২০১৯ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছতে অৱসৰৰ সিদ্ধান্ত লৈছিলোঁ: এম এছ ধোনী

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:19 PM IST

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তী ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে প্ৰকাশ কৰিছে যে নিউজীলেণ্ডৰ বিৰুদ্ধে ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ হৃদয়বিদারক পৰাজয়ৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিল ।

২০১৯ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছতে অৱসৰৰ সিদ্ধান্ত লৈছিলোঁ; এম এছ ধোনী
MS Dhoni on Retiredment

স্পৰ্টছ ডেস্ক, ২৭ অক্টোবৰ :কিংবদন্তী ক্ৰিকেটাৰ তথা ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে প্ৰকাশ কৰিছে যে ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজয়ে তেওঁক আঘাত দিছিল । যাৰ বাবে পিছত তেওঁ সীমিত অভাৰৰ কেৰিয়াৰৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত লৈছিল ।

ইংলেণ্ডত অনুষ্ঠিত পূৰ্বৱৰ্তী এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে ২৪০ ৰাণৰ লক্ষ্য অনুসৰণ কৰিছিল । কিন্তু আৰম্ভণিতে তেওঁলোকৰ বেটিং লাইনআপ বিফল হয় । অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই মেচখনত ৭৭ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল । আনহাতে, মহেন্দ্ৰ সিং ধোনীয়ে অৰ্ধশতক অৰ্জন কৰিলেও শেষ মুহূৰ্তত তেওঁ ভাৰতক অন্তিম ফলাফললৈ লৈ যোৱাত ব্যৰ্থ হৈছিল ।

২০১৯ চনৰ এদিনীয়া বিশ্বকাপত কিৱিৰ বিৰুদ্ধে ছেমি ফাইনেলৰ সময়ত মাৰ্টিন গুপ্টিলে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত এম এছ ধোনীক ৰাণ আউট কৰাৰ সময়ত এক মিলিয়ন ক্ৰিকেট অনুৰাগীৰ হৃদয় চূড়মাৰ হৈছিল । ৰাজহুৱাভাৱে প্ৰথমবাৰৰ বাবে পৰাজয়ৰ বিষয়ে ক'বলৈ গৈ এম এছ ধোনীয়ে প্ৰকাশ কৰে যে পৰাজয়ৰ পিছত তেওঁ আৱেগিকভাৱে আঘাত পাইছিল আৰু বগা বলৰ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ বাবে মন স্থিৰ কৰিছিল ।

"যেতিয়া আপুনি এখন হাতৰ মুঠিত থকা মেচ হেৰুৱায়, তেতিয়া আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে । আৰু ভিতৰে ভিতৰে মই মোৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিলোঁ । মোৰ বাবে সেইটোৱেই শেষ দিন আছিল, যিটো মই ভাৰতৰ হৈ ক্ৰিকেট খেলিছিলোঁ । মই এবছৰ পিছত অৱসৰ লৈছিলোঁ । কিন্তু সত্যটো হ'ল যে সেইদিনাই মই অৱসৰ লৈছিলোঁ । আমাক ক্ৰিকেটাৰসকলক কিছুমান যন্ত্ৰ দিয়া হয় । আৰু সেয়েহে যেতিয়াই মই প্ৰশিক্ষকৰ ওচৰলৈ সেইবোৰ ঘূৰাই দিবলৈ গৈছিলোঁ, তেতিয়াই তেওঁ কৈঠিল, 'নহয়, এয়া তুমি ৰাখি থোৱা । কিন্তু মোৰ মনত যি আছিল, সেয়া হৈছে মই কেনেকৈ তেওঁক ক'ম যে মোক আৰু ইয়াৰ প্ৰয়োজন নহ'ব বা ব্যৱহাৰ কৰা নহ'ব' । মই সেই সময়ত এইটো ঘোষণা কৰিব বিচৰা নাছিলোঁ ।" কৰ্ণাটকৰ বেংগালুৰুত শেহতীয়াকৈ অনুষ্ঠিত এক অনুষ্ঠানত ধোনীয়ে কয় ।

সিদ্ধান্তটোৰ বিষয়ে চিন্তা কৰি থকা সময়ত তেওঁ যি আৱেগৰ মাজেৰে সময় পাৰ কৰিছিল সেই বিষয়েও এম এছ ধোনীয়ে মন্তব্য কৰে । তেওঁ কয় যে পুনৰ কেতিয়াও দেশক প্ৰতিনিধিত্ব কৰিব নোপোৱাৰ চিন্তাই তেওঁক আমনি কৰি আছিল ।

"আৱেগ আপোনাৰ থাকিবই । বিগত ১২-১৫ বছৰত আপুনি কৰা একমাত্ৰ কাম হৈছে ক্ৰিকেট খেলা । কিন্তু সেই সময়ো আহে যেতিয়া আপুনি দেশক প্ৰতিনিধিত্ব কৰাৰ আৰু কোনো সম্ভাৱনা নাথাকে । এনে বহু লোক আছে, কিন্তু মাত্ৰ কেইজনমানেহে সেই সুযোগ পায় । আৰু খেলুৱৈসকলৰ ওচৰতো সেইটো আছে । আপুনি যি খেলেই নেখেলক কিয়, আপুনি আপোনাৰ দেশক প্ৰতিনিধিত্ব কৰি আছে । কমনৱেলথ গেমছেই হওক বা অলিম্পিক... সেয়েহে এবাৰ মই ক্ৰিকেট এৰি দিয়াৰ পিছত, মই মোৰ দেশক প্ৰতিনিধিত্ব কৰাৰ কোনো উপায় নাছিল । মই আৰু কোনো গৌৰৱ আনিব নোৱাৰোঁ । সেই সকলোবোৰ কথা মনত চলি আছিল ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ চনত উদ্বোধনী টি-২০ বিশ্বকাপ জয় কৰিছিল । আনহাতে, ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনত আইচিচি চেম্পিয়নছ ট্ৰফী জয় কৰিছিল । বৰ্তমানৰ ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৰ বিষয় সোধাত তেওঁ কয়, তেওঁলোকে দেশৰ হৈ প্ৰতিযোগিতাখন জিকিব বিচাৰে ।

"দুয়োটা দলৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে । সেই দলটো (২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দল) বহুত বেছি ঐক্যবদ্ধ আছিল । তেওঁলোকে (ক্ৰিকেট আইকন) শচীন তেণ্ডুলকাৰৰ বাবে বিশ্বকাপ জিকিব বিচাৰিছিল । তেওঁ আনৰ পৰা যথেষ্ট সন্মান লাভ কৰিছিল । মই এই দলটোৰ বিষয়ে নিশ্চিত নহয় । নাজানো বিৰাট কোহলীৰ হৈ কোনে বিশ্বকাপ জিকিব বিচাৰে । কিন্তু তেওঁলোকে নিশ্চিতভাৱে ভাৰতৰ বাবে জিকিব বিচাৰে । এইটো এটা ডাঙৰ পাৰ্থক্য ।" ধোনীয়ে মন্তব্য কৰে ।

তদুপৰি, তেওঁ ভাৰতীয় দলৰ ভাৰসাম্যৰো প্ৰশংসা কৰে । "এইটো এটা অতি ভাল দল । দলটোৰ বহুত সুন্দৰ ভাৰসাম্য আছে । সকলো খেলুৱৈয়ে ভাল খেলি আছে । গতিকে সকলোবোৰ বহুত ভাল দেখা গৈছে । মই ইয়াতকৈ বেছি একো নকওঁ । জ্ঞানীসকলৰ বাবে, সংকেতেই যথেষ্ট ।" ধোনীয়ে এইবুলি সামৰণি মাৰে ।

উল্লেখ্য যে যদিও ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে, তথাপিও তেওঁ চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব কৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এতিয়ালৈকে তেওঁৰ দলক পাঁচবাৰকৈ আইপিএল ট্ৰফীলৈ লৈ গৈছে ।

লগতে পঢ়ক :ICC World Cup 2023: স্পীনৰ বিপৰীতে চলিত বিশ্বকাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে পেচাৰে

ABOUT THE AUTHOR

...view details