অসম

assam

আঘাতপ্ৰাপ্ত স্কাই; আফগানিস্তানৰ বিৰদ্ধে খেলপথাৰত দেখা নাযাব ভাৰতৰ মিষ্টাৰ 360 ক

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 4:45 PM IST

Surya Kumar Yadav injury: শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ সময়ত গোৰোহাত গ্ৰেড-II ছিগি যোৱাৰ বাবে ঘৰুৱা ক্ষেত্ৰত আফগানিস্তানৰ বিৰুদ্ধে টি-২০ত খেলিব নোৱাৰিব ষ্টাৰ ইণ্ডিয়ান বেটছমেন সূৰ্য কুমাৰ যাদৱ । ইটিভি ভাৰতৰ সঞ্জীব গুহৰ এক প্ৰতিবেদন...

T20Is against Afghanistan
Surya Kumar Yadav ruled out

নিউজ ডেস্ক, 23 ডিচেম্বৰ: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে টি-২০ শৃংখলাত জয়লাভ কৰাৰ পাছতে ভাৰতীয় টি-২০ দলৰ অধিয়নক সূৰ্য কুমাৰ যাদৱ আঘাতপ্ৰাপ্ত হোৱাত খেল পথাৰৰ পৰা বাহিৰ হ’ব লগীয়া হয় ৷ যাৰ বাবে ভাৰতীয় ড্ৰেছিং ৰুমত এক ম্লান পৰিৱেশে বিৰাজ কৰে ৷

আৰম্ভণিতে আঘাতটো ইমান গুৰুতৰ যেন লগা নাছিল । অৱশ্যে জানিব পৰা মতে, বেটাৰজনে মুম্বাইলৈ উভতি অহাৰ পিছত স্কেন আৰু এম আৰ আই কৰা হয় । এই পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে ১৪ ডিচেম্বৰত জোহান্সবাৰ্গৰ নিউ ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফিল্ডিঙৰ সময়ত সূৰ্য কুমাৰ যাদৱে বাওঁ ভৰিৰ গোৰোহাত বেয়াকৈ মোচোকা খাইছিল ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, তেওঁৰ বাওঁ ভৰিৰ গোৰোহাত গ্ৰেড-II ছিগি গৈছে আৰু ইয়াৰ ফলত তেওঁ নিশ্চিতভাৱে ১১ জানুৱাৰীৰ পৰা ঘৰুৱা ক্ষেত্ৰত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী টি-২০ শৃংখলাত অংশ ল’ব নোৱাৰিব ৷

বিষয়াগৰাকীয়ে লগতে কয় যে দলৰ পৰিচালনা সমিতিয়ে তেওঁৰ আঘাতৰ মূল্যায়ন কৰে আৰু লগে লগে তেওঁ ঘৰলৈ উভতি আহি আঘাতৰ গম্ভীৰতা নিৰ্ণয় কৰিবলৈ কেইবাটাও পৰীক্ষা কৰে। বিষয়াগৰাকীয়ে কয় যে তেওঁ এতিয়া বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত পুনৰ্বাসন প্ৰক্ৰিয়াত অংশ ল’ব লাগিব আৰু সুস্থ হৈ ঘূৰি অহাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ ৫-৬ সপ্তাহ লাগিব পাৰে ৷

ইফালে, সূৰ্য কুমাৰৰ যাদৱৰ পত্নীয়ে মাত্ৰ নিউমেটিক ৱাকাৰ বুট পিন্ধা ষ্টাৰ বেটছমেনৰ ছবি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছে । উল্লেখ্য যে ৩৩ বছৰীয়া বেটছমেনগৰাকীয়ে আঘাত পোৱাৰ ঠিক আগতেই তেওঁ ঘূৰ্ণীবতাহৰ দৰে শতক অৰ্জন কৰি ভাৰতক নিজৰ ষ্টাইলত শৃংখলা জয় কৰাত সহায় কৰিছিল ।

আঘাত পোৱাৰ ঠিক পিছতেই যাদৱে কৈছিল যে তেওঁ ঠিকেই আছে, কিন্তু স্কেনত গ্ৰেড-II ছিগি যোৱা দেখা গৈছিল, যিয়ে তেওঁক আফগানিস্তানৰ বিৰুদ্ধে টি-২০ত নিশ্চয়কৈ বিশ্ৰাম ল’বলৈ বাধ্য কৰিব ৷

ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে তিনিখন টি-২০ মেচ খেলিব আৰু তাৰ পিছত ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট খেলিব । ইটিভি ভাৰতে বেটছমেনৰ প্ৰকৃত অৱস্থাৰ মূল্যায়নৰ বাবে চহৰৰ প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ আৰু ক্ৰীড়া চিকিৎসা বিশেষজ্ঞৰ পৰা প্ৰতিক্ৰিয়া ল’বলৈ চেষ্টা কৰিছিল । অস্থিৰোগ বিশেষজ্ঞ সুমন্ত ঠাকুৰে কয় যে এজন ক্ৰীড়াবিদৰ বাবে গ্ৰেড-II ভাল হ’বলৈ ৭-৮ সপ্তাহ সময় লাগিব পাৰে ।

"সূৰ্য কুমাৰ যাদৱৰ আঘাত সঠিককৈ মই নাজানো, কিন্তু বাহিৰৰ পৰা দেখা যায় যে তেওঁক এতিয়া পি আৰ পি থেৰাপী দিয়া হ'ব আৰু ছয় সপ্তাহৰ পিছত ভাল হ'ব লাগে । যদি এতিয়াও তেওঁ সুস্থ নহয়, তেন্তে ডাক্তৰে হয়তো সিদ্ধান্ত ল'ব । অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে ৷’’ ডাঃ ঠাকুৰে কয় ।

লগতে পঢ়ক:টেষ্ট শৃংখলাৰ পূৰ্বে স্বদেশলৈ উভতিল কোহলী, দলৰ পৰা বাহিৰ ৰুতুৰাজ

ABOUT THE AUTHOR

...view details