স্পৰ্টচ ডেস্ক, 8 ছেপ্তেম্বৰ : বিবাহৰ 8 বছৰৰ অন্তত বিচ্ছেদ(Divorce) হ’ল ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱন(Shikhar Dhawan) আৰু পত্নী আয়েশা মুখাৰ্জীৰ (Aesha Mukerjee) ৷ ইনষ্টাগ্ৰামযোগে আয়েশাই সামাজিকভাৱে এই কথা ঘোষণা কৰে ৷ ইয়াৰ পাচতে ছ’চিয়েল মিডিয়াত দুয়োৰে সম্পৰ্কক লৈ এক ধুমুহা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৷
বিচ্ছেদৰ পাচত আয়েশাই লিখিছে, ‘‘মোৰ দ্বিতীয়বাৰ বিবাহ বিচ্ছেদ নোহোৱালৈকে মই ‘বিবাহ বিচ্ছেদ’টো এটা লেতেৰা শব্দ বুলি ভাবিছিলো’’ ৷ উল্লেখ্য যে, 2012 চনত শিখৰ ধৱনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল কিক বক্সাৰ আয়েশা ৷ শিখৰৰ পূৰ্বে মেলব’ৰ্ণত ডাঙৰ হোৱা আয়েশাই এগৰাকী মেলব’ৰ্ণৰ ব্যৱসায়ীৰ সৈতে বিয়া হৈছিল যদিও দুয়োৰে সম্পৰ্ক আগবঢ়া নাছিল ৷ প্ৰথম বিবাহ বিচ্ছেদৰ পাচতে আয়েশাই শিখৰ ধৱনৰ সৈতে সম্পৰ্কত বান্ধ খায় ৷