অসম

assam

প্ৰধানমন্ত্ৰী মোদীয়ে উপভোগ কৰিব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:01 PM IST

দেওবাৰে নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব চলিত আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেল । ভাৰতে ছেমি ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । আনহাতে, বৃহস্পতিবাৰে ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি অষ্টমবাৰৰ বাবে ফাইনেলত উপনীত হয় ।

Ind vs Aus CWC 2023 final
প্ৰধানমন্ত্ৰী মোদীয়ে উপভোগ কৰিব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল

স্পৰ্টছ ডেস্ক, ১৭ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া আইচিচি ক্ৰিকেট বিশ্বকাপ, ২০২৩ৰ ফাইনেল মেচত উপস্থিত থাকিব ।

গুজৰাটৰ গৃহ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত ইটিভি ভাৰতক কয়, "বিশ্বকাপৰ ফাইনেল উপভোগ কৰিবলৈ নৰেন্দ্ৰ মোদী উপস্থিত থাকিব ।"

উল্লেখ্য যে ৰোহিত শৰ্মাৰ নেতৃত্বত অপৰাজিত ভাৰতে বুধবাৰে ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি আকৰ্ষণীয় টুৰ্ণামেণ্টখনৰ ফাইনেলত প্ৰৱেশ কৰে । আনহাতে, বিৰাট কোহলীয়ে ছেমি ফাইনেলত তেওঁৰ অভিলেখ ভংগকাৰী ৫০ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে আৰু তেওঁৰ আইকন তথা কিংবদন্তি শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰে ।

দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাক তিনি উইকেটত পৰাস্ত কৰে । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত আহমেদাবাদৰ বিশ্বৰ সবাতোকৈ ডাঙৰ ষ্টেডিয়ামখন নীলা সমুদ্ৰত পৰিণত হ'ব । উল্লেখ্য যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১.৩২ লাখ দৰ্শকৰ বহন ক্ষমতা আছে ।

আনহাতে, দেওবাৰে অনুষ্ঠিত হ'বলগীয়া অতি গুৰুত্বপূৰ্ণ মেচখনৰ বাবে গুজৰাট ক্ৰিকেট এছ'চিয়েচনে (জিচিএ) ব্যাপক ব্যৱস্থা হাতত লৈছে । ভাৰতে অপৰিৱৰ্তিত দলটোৰে খেলপথাৰত নামিব বুলি আশা কৰা হৈছে । ২০১১ সংস্কৰণৰ পিছত আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত এইটো হৈছে ভাৰতৰ প্ৰথম পদাৰ্পণ ।

ইতিমধ্যে ভাৰতে দুবাৰকৈ এদিনীয়া বিশ্বকাপ জয় কৰিছে । ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে এদিনীয়া বিশ্বকাপ জয়ৰ সোৱাদ লৈছে । এইবাৰ ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী দাঙিবৰ বাবে আগবাঢ়িছে ।

লগতে পঢ়ক :শ্বামীৰ জীৱনত প্ৰত্যাহ্বান, একমাত্ৰ সাক্ষী বিধায়ক উমেশ শৰ্মা

ABOUT THE AUTHOR

...view details