অসম

assam

চূড়ান্ত টেষ্টৰ বাবে অনুশীলন আৰম্ভ আঘাত জৰ্জৰিত ভাৰতীয় দলৰ

By

Published : Jan 13, 2021, 10:44 PM IST

এখন টেষ্টত ড্ৰ' খেলাৰ পিচতে 1-1 ত সমতাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে এতিয়া চতুৰ্থখন টেষ্ট অতি গুৰুত্বপূৰ্ণ হ'ব ৷ কিন্তু আঘাত জৰ্জৰিত ভাৰতীয় দলে অতি প্ৰত্যাহ্বানমূলকভাৱে ফিল্ডত নামিব লাগিব ৷ চতুৰ্থখন টেষ্টৰ বাবে ইতিমধ্যে বুধবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিছে ভাৰতীয় দলে ৷ 11 জন ফিট খেলুৱৈৰ সন্ধানত ব্ৰিছবেনৰ গব্বাত ভাৰতীয় দলে আৰম্ভ কৰিছে অনুশীলন ৷

Injury-ravaged Indian team trains in Brisbane
আঘাট জৰ্জৰিত ভাৱে অনুশীলন আৰম্ভ ভাৰতীয় ক্ৰিকেট দলৰ

স্পৰ্টছ ডেস্ক,13 জানুৱাৰী : অষ্ট্ৰেলিয়া ভ্ৰমণৰ টেষ্টৰ শৃংখলাৰ তিনিখন টেষ্ট সুকলমে সমাপ্ত হোৱা পিচতেই চতুৰ্থ টেষ্টৰ বাবে এতিয়া এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ভাৰতীয় দল ৷ কিয়নো ভাৰতীয় টেষ্ট দলৰ প্ৰায় সংখ্যক ক্ৰিকেটাৰে এতিয়া আঘাতপ্ৰাপ্ত অৱস্থাত আছে ৷

এখন টেষ্টত ড্ৰ' খেলাৰ পিচতে 1-1 ত সমতাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে এতিয়া চতুৰ্থখন টেষ্ট অতি গুৰুত্বপূৰ্ণ হ'ব ৷ ৷ কিন্তু আঘাত জৰ্জৰিত ভাৰতীয় দলে অতি প্ৰত্যাহ্বানমূলকভাৱে ফিল্ডত নামিব লাগিব ৷

চতুৰ্থখন টেষ্টৰ বাবে ইতিমধ্যে বুধবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিছে ভাৰতীয় দলে ৷ 11 জন ফিট খেলুৱৈৰ সন্ধানত ব্ৰিছবেনৰ গব্বাত ভাৰতীয় দলে আৰম্ভ কৰিছে অনুশীলন ৷

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে টুইটাৰৰ এক পোষ্টত সদৰি কৰা মতে ছিডনীৰ মহা যুঁজৰ পিচত এতিয়া চতুৰ্থ টেষ্টৰ বাবে ভাৰতীয় দলৰ প্ৰথম 11 জন খেলুৱৈ বাচনিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷ তথাপিও গব্বাত চূড়ান্ত টেষ্টৰ বাবে ভাৰতীয় দলৰ অনুশীলন অব্যাহত আছে বুলি জানিবলৈ দিয়ে বিচিআইয়ে ৷

মন কৰিবলগীয়া যে, বাকী কেইখন টেষ্টত অতি আক্ৰমণাত্মত ৰূপত থকা বেগী বলাৰ জছপ্ৰীত বুমৰাহে চতুৰ্থখন টেষ্টৰ বাবে ভাৰতীয় দলৰ বলিং প্ৰশিক্ষক ভাৰত অৰুণৰ সৈতে আলোচনাত মিলিত হোৱা দেখা গৈছে ৷ ইয়াৰ সামন্তৰালভাৱে মাংসপেশীৰ বিষত আক্ৰান্ত হৈ থকা ৰবিচন্দ্ৰন অশ্বিন আৰু হনুমা বিহাৰীৰ ক্ষেত্ৰতো এতিয়া অনিশ্চয়তা দেখা গৈছে ৷

ইফালে আঘাতপ্ৰাপ্ত বাবে ৰবীন্দ্ৰ জাদেজা, ঈশান্ত শৰ্মা, ভূৱেনেশ্বৰ কুমাৰ প্ৰথমখন টেষ্টৰ পৰাই দলৰ বাহিৰত থকাৰ লগতে আঘাতপ্ৰাপ্ত অৱস্থাত আছে মহম্মদ চামী, উমেশ যাদৱ ৷ ইয়াৰ বিপৰীতে চতুৰ্থখন টেষ্টৰ সুযোগ লাভ কৰিব পাৰে যুৱ ক্ৰিকেটাৰ মহম্মদ চিৰাজ আৰু নৱদীপ চাইনীয়ে ৷

লগতে পঢ়ক:ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত

ABOUT THE AUTHOR

...view details