অসম

assam

চহলকলৈ জাতিগত মন্তব্য ছিক্সাৰ কিঙৰ,ট্ৰেণ্ডিং "যুৱৰাজ সিং ক্ষমা খোজক"

By

Published : Jun 3, 2020, 4:04 PM IST

ইনষ্টাগ্ৰাম লাইভ চেটত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে ভাৰতীয় দলৰ বৰ্তমানৰ খেলুৱৈ যুজৱেন্দ্ৰ চহলক লৈ কৰা এক জাতিগত মন্তব্যই এতিয়া ছ'চিয়েল মিডিয়াত সৃষ্টি কৰিছে খলকনিৰ । প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ক্ষমা খুজাৰ দাবী তুলি ছ'চিয়েল মিডিয়াত এতিয়া ট্ৰেণ্ডিং #যুৱৰাজ সিং ক্ষমা খোজক ।

Yuvraj singh maafi maango trends after alleged casteist remark on Yuzvendra Chahal
Yuvraj singh maafi maango trends after alleged casteist remark on Yuzvendra Chahal

স্পৰ্টছ ডেস্ক, 3 জুন: ছ'চিয়েল মিডিয়াৰ যোগেদি এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং। শেহতীয়াকৈ ৰোহিত শৰ্মাৰ সৈতে ইনষ্টাগ্ৰাম লাইভ চেচনত বাৰ্তালাপ কৰি থকাৰ মাজতেই ভাৰতীয় দলৰে স্পীনাৰ যুজৱেন্দ্ৰ চহলৰ সন্দৰ্ভত যুৱৰাজ সিঙে এক জাতিগত মন্তব্য কৰাৰ পাচতেই ছ'চিয়েল মিডিয়াত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

যুজৱেন্দ্ৰ চহল

দৰাচলতে ইনষ্টাগ্ৰামত ৰোহিত আৰু যুৱৰাজ সিঙে ক্ৰিকেট,কৰ'ণা ভাইৰাছ আৰু ব্যক্তিগত জীৱন,ভাৰতীয় ক্ৰিকেটাৰ সকলৰ ওপৰত শেহতীয়াকৈ বাৰ্তালাপ কৰি আছিল। সেই সময়তে ক্ৰিকেটাৰ কুলদ্বীপ যাদৱ আৰু যুজৱেন্দ্ৰ চহলে এই বাৰ্তালাপৰ মাজতেই কমেন্ট কৰি আছিল। তেতিয়াই যুৱৰাজ সিং কৈছিল- কিছুমান...মানুহৰ একো কাম নাই নেকি,য়ুজিক চা...য়ুজিয়ে কেনেকুৱা ভিডিঅ' প'ষ্ট কৰি আছে।

ইয়াৰ প্ৰত্যুত্তৰত ৰোহিতে কয়,মইও সেইটোৱে কথা কৈছো চহলক,যে সি নিজৰ পিতৃক নৃত্য কৰাই আছে,সি বলিয়া হোৱাতো নাই বুলি। ইয়াৰ পাচতেই দৰ্শকে এই ভিডিঅ'ৰ কিছু ক্লিপ বনাই ভাইৰেল কৰি যুৱৰাজ সিঙক আক্ৰমণৰ লক্ষ্য কৰি লয়। লগতে তেওঁৰ বিৰুদ্ধে টুইটাৰত #yuvrajsinghmaafimaangoঅভিযান আৰম্ভ কৰে ।

আনহাতে এই সন্দৰ্ভত যুৱৰাজ সিঙৰ বিৰুদ্ধে ইতিমধ্যে হাৰিয়ানা হিচাৰ আৰক্ষী থানাত এক গোচৰো ৰুজু কৰা হৈছে । দলিত অধিকাৰী কাৰ্যকৰ্তা আৰু অধিবক্তা ৰজত কল্সনে লিখিত ভাৱে এক গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে । লগতে যুৱৰাজ সিঙৰ বিৰুদ্ধে তদন্ত নহ'লে আন্দোলনৰো হুংকাৰ প্ৰদান কৰিছে।

লগতে চাওকঃ বানৰ কৱলত চলচলিৰ দুই শতাধিক কৃষকৰ কৃষিভূমি

ABOUT THE AUTHOR

...view details