ETV Bharat / state

বানৰ কৱলত চলচলিৰ দুই শতাধিক কৃষকৰ কৃষিভূমি

author img

By

Published : Jun 3, 2020, 1:54 PM IST

বানৰ কৱলত পুৰণিগুদাম চলচলিৰ দুই শতাধিক কৃষক ৷ বন্ধন বেংকৰ পৰা ঋণ লৈ কৰা বৰো ধানৰ খেতি এতিয়া পানীৰ তলত ৷

paddy cultivators facing loss due to flood
paddy cultivators facing loss due to flood

নগাঁও, 3 জুনঃ লক ডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল এতিয়া ককবকাইছে বানৰ কৱলত ৷ শেহতীয়াকৈ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে নগাঁৱৰ পুৰণিগুদাম চলচলিৰ প্ৰায় দুই শতাধিক কৃষক ৷ বন্ধন বেংকৰ পৰা ঋণ লৈ কৰা বড়ো ধানৰ খেতি এতিয়া বুৰাই পেলাইছে কপিলীৰ বাঢ়নী পানীয়ে ৷ বৃহত্তৰ অঞ্চলটোৰ কেইবা শ হেক্টৰ কৃষিভূমি সম্প্ৰতি সম্পূৰ্ণ জলমগ্ন ৷

বানৰ কৱলত চলচলিৰ দুই শতাধিক কৃষকৰ কৃষিভূমি

ধান চপাই ঘৰলৈ অনাৰ সময়তেই বাঢ়নী পানীয়ে বুৰাই পেলোৱাত একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল ৷ দুই এজন কৃষকে টুলুঙা নাৱেৰেই চেষ্টা কৰিছে ধান চপোৱাৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ এটা বৃহত্তৰ অঞ্চলৰ কৃষিভূমি বানৰ কৱলত পৰাৰ পিচতো, স্থানীয় প্ৰতিনিধিয়ে কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কৃষকে ৷ আনকি অঞ্চলটোৰ কৃষকসকলে আজি পৰ্যন্ত কৃষি বিভাগৰ পৰাও কোনো ধৰণৰ চৰকাৰী সুবিধা পোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়কঃ নৈ পাৰত খেলি থাকোতেই সোঁতত উটি গ'ল পাঁচবছৰীয়া শিশু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.