অসম

assam

বিৰাট নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলটো হৈছে সৰ্বশ্ৰেষ্ঠ দল : সুনীল গাভাস্কাৰ

By

Published : Aug 23, 2020, 4:21 PM IST

বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলক লৈ প্ৰাক্তন কিংবদন্তি খেলুৱৈ সুনীল গাভাস্কাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোত আছে শক্তিশালী আক্ৰমণাত্মক বলাৰৰ সমাহাৰ, যিয়ে যি কোনো পিট্ছত মেচ জয়ৰ সক্ষমতা ৰাখে ৷

sunil gavaskar said virat kohli led team india the best ever indian test team
sunil gavaskar said virat kohli led team india the best ever indian test team

স্পৰ্টছ ডেস্ক, 23 আগষ্ট : ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ মতে, বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটো হৈছে ভাৰতৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ টেষ্ট দল ৷ শক্তিশালী আক্ৰমণাত্মক বলিং এটেকৰ বাবেই এই দলটো ভাৰতৰ পূৰ্বৰ সকলো টেষ্ট দলৰ তুলনাত অধিক ভাৰসাম্য দল বুলি কয় গাভাস্কাৰে ৷

ভাৰতীয় টেষ্ট দল

গাভাস্কাৰৰ কয়, মোৰ মতে বৰ্তমানৰ ভাৰতীয় টেষ্ট দলটো ভাৰসাম্য দিশেৰে, সক্ষমতাৰ দিশেৰে, কৌশলগত দিশেৰে, উৎসাহৰ দিশৰে এতিয়ালৈকে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় টেষ্ট দল ৷ মই ইয়াতকৈ শ্ৰেষ্ঠ ভাৰতীয় দলৰ কল্পনা কৰিব নোৱাৰো ৷ বৰ্তমানৰ দলটোৰ বিশেষত্ব হৈছে দলটোৰ বিবিধতাপূৰ্ণ বলিং এটেক ৷ যিয়ে যিকোনো পিট্ছ আৰু পৰিস্থিতিত মেচ জয়ৰ কৰাৰ সক্ষমতা ৰাখে ৷

উল্লেখ্য যে, ভাৰতীয় দলত পূৰ্বৰে পৰা ভাল বেটছমেন আৰু স্পিনাৰ সমাহাৰ দেখা পোৱা যায় যদিও এই দলটোত আছে জছপ্ৰীত বোমৰাহ, মহম্মদ শ্বামী, ইশান্ত শৰ্মা, উমেশ যাদৱ, ভূৱনেশ্বৰ কুমাৰৰ দৰে প্ৰতিভাৱান বেগী বলাৰ ৷ যাৰ ফলত দলটোৱে বিশ্বৰ শীৰ্ষ দলত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে বুলি কয় ৷

সুনীল গাভাস্কাৰ

1971 চনৰ পৰা 1987 চনলৈ 125 খন টেষ্টত ভাৰতক প্ৰতিনিধিত্ব কৰা গাভাস্কাৰে লগতে কয়, বৰ্তমানৰ ভাৰতীয় টেষ্ট দলটো অষ্ট্ৰেলিয়াৰ দৰে দলতকৈ অধিক স্ক’ৰ কৰিবলৈ সক্ষম ৷

লগতে চাওক-চেম্পিয়নছ লীগ : আজি ফাইনেলত পিএছজি বনাম বেয়ার্ন মিউনিখ

ABOUT THE AUTHOR

...view details