অসম

assam

ভাৰতৰ ইচ্ছাকৃত পৰাজয় ! ধোনীৰ ওপৰত সন্দেহ কৰাক লৈ ষ্ট'কছক নিন্দা শ্ৰীশান্তৰ

By

Published : Jun 9, 2020, 1:59 PM IST

ক্ৰিকেট মহলত এতিয়া সাবাতোকৈ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ আছে 2019 বিশ্বকাপৰ ভাৰত আৰু ইংলেণ্ডৰ এখন মেচ । কাৰণ প্ৰশ্ন উঠিছে সেই মেচখনত ভাৰতে ইচ্ছানুসৰি পৰাজয়বৰণ কৰিছিল নেকি ইংলেণ্ডৰ বিৰুদ্ধে । পাকিস্তানী ক্ৰিকেটাৰৰ দ্বাৰা এই অভিযোগ উত্থাপনৰ পাচতেই ইংলেণ্ডৰ অল ৰাউণ্ডাৰ বেন ষ্ট'কছে তেওঁৰ "অন ফায়াৰ" কিতাপখনতো উল্লেখ কৰিছে এই প্ৰসংগ । মেচখনত ধোনীৰ খেলাৰ ধৰণকলৈও সন্দেহ ব্যক্ত কৰিছে খেলুৱৈগৰাকীয়ে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীশান্তে ।

S Sreesanth slams Ben Stokes for questioning MS Dhoni's intent during 2019 World Cup match against England
S Sreesanth slams Ben Stokes for questioning MS Dhoni's intent during 2019 World Cup match against England

স্পৰ্টছ ডেস্ক, 9 জুনঃ 2019 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ইচ্ছাকৃত পৰাজয়বৰণ বিষয় সন্দৰ্ভত ধোনীৰ ভূমিকাক লৈ সন্দেহ কৰা ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্ট'কছক নিন্দা শ্ৰীশান্তৰ । শেহতীয়াকৈ বেন ষ্ট'কছে তেওঁৰ কিতাপ "অন ফায়াৰত"ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 31 ৰানত পৰাজয়বৰণ কৰা মেচখনত ধোনীৰ খেলাৰ ধৰণক লৈ সন্দেহ ব্য়ক্ত কৰিছিল ।

এই সন্দৰ্ভতেই ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীশান্তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বেন ষ্ট'কছৰ কাৰণে মই কেৱল এটা কথাই ক'ব খোজো যে, আপুনি প্ৰাৰ্থনা কৰা উচিত যে, ভৱিষ্যতে ধোনী আপোনাৰ বিৰুদ্ধে অৱতীৰ্ণ নহয় । ধোনীয়ে সহজে বিষয় সমূহ পাহৰি নায়ায় । এক লাইভ চেচনত এই কথা উল্লেখ কৰে শ্ৰীশান্তে ।

শ্ৰীশান্তে লগতে কয়, মই ষ্ট'কছক শুভকামানা জ্ঞাপন কৰিছো যেতিয়াই ধোনীৰ মুখামুখি হয় । সেয়া লাগিলে আইপিএলয়ে হওক অথবা ইংলেণ্ড বনাম ভাৰতৰ মেচ হওক । আপুনি লাখ টকা উপাৰ্জন কৰিব পাৰে কিন্তু ধোনীয়ে ভায়ে আপোনাৰ কেৰিয়াৰ সমাপ্ত কৰিবলৈ সক্ষম । ধোনীয়ে খেল পথাৰৰ চাৰিওকোনলৈ বল মাৰি যাব আৰু তেওঁ (ষ্টকছে) কেতিয়াও আউট কৰিব নোৱাৰিব ধোনীক । মুখ খোলাৰ পূৰ্বে হেলমেট পৰিধান সুনিশ্চিত কৰাটো উচিত বুলি কয় শ্ৰীশান্তে ।

বেন ষ্ট'কছ

আনহাতে এই বিষয় সন্দৰ্ভত প্ৰাক্তন ৱেষ্ট ইণ্ডিজ খেলুৱৈ মাইকেল হল্ডিঙেও ধোনীৰ সমৰ্থনত মাত-মতা পৰিলক্ষিত হৈছে । য'ত তেওঁ ষ্ট'কছৰ কিতাপ লিখাকলৈ কটাক্ষও কৰা দেখা পোৱা গৈছে । তেওঁ কৈছে, আজি কালি কিছু লোকে কিতাপত যিকোনো শিখিবলৈ ধৰে, কাৰণ নিজৰ মতামত দাঙি ধৰিবলৈ স্বতন্ত্ৰ । যেতিয়াই তেওঁলোকে কিতাপ লিখিবলৈ ধৰে তেওঁলোকক শিৰোণাম দখলৰো প্ৰয়োজন হয় বুলি উল্লেখ কৰে ।

তেওঁ লগতে কয়, এইখন এনে এখন মেচ আছিল য'ত ভাৰতক জয়ৰ প্ৰয়োজন নাছিল । কিন্তু মই ভাৱো কোনেও ক'ব নোৱাৰিব এই এক ৰণনীতিৰ অধীনত পৰাজয় আছিল । মই স্বয়ং মেচখন উপভোগ কৰিছো, মই অনুভৱ কৰিছো ভাৰতে 100 শতাংশ নিজৰ প্ৰদান কৰা নাই মেচখনত । কিন্তু মই ধোনীৰ অভিব্যক্তিৰ পাচত এই ধাৰণা সলনি কৰিছো । ধোনীয়ে মেচখন জয়ী হ'বলৈ বিচাৰিছিল । মই নাভাৱো এইয়া এক দলীয় সিদ্ধান্ত আছিল মেচখন জয়ী নোহোৱাৰ ।

ABOUT THE AUTHOR

...view details