অসম

assam

আইপিএলৰ পৰা বাহিৰ হৰভজন সিং

By

Published : Sep 4, 2020, 5:17 PM IST

চেন্নাই চুপাৰ কিংছ দললৈ মোক্ষম আঘাত ৷ সুৰেশ ৰাইনাৰ পাচত এইবাৰ দলৰ পৰা বাহিৰ অফ্ স্পিনাৰ হৰভজন সিং ৷

Harbhajan Singh pulls out from IPL
Harbhajan Singh pulls out from IPL

স্পৰ্টছ ডেস্ক, 4 ছেপ্তেম্বৰ :চেন্নাই চুপাৰ কিংছ অনুৰাগীলৈ দুঃখবৰ ৷ চেন্নাই চুপাৰ কিংছ দলৰ পৰা বাহিৰ হ’ল অভিজ্ঞতা সম্পন্ন অফ্ স্পিনাৰ হৰভজন সিং ৷ সুৰেশ ৰাইনাৰ পাচতেই চেন্নাই চুপাৰ কিংছ দলৰ পৰা বাহিৰ হোৱা দ্বিতীয়গৰাকী খেলুৱৈ হৈছে হৰভজন সিং ৷ যোৱা 29 আগষ্টত ব্যক্তিগত কাৰণত আইপিএল প্ৰত্যাহাৰ কৰি দেশলৈ উভতি আহিছিল ৰাইনা ৷ অৱশ্যে চেন্নাই দলটোৰ সৈতে ডুবাইলৈ যোৱা নাছিল হৰভজন সিং ৷ উল্লেখ্য যে, হৰভজন সিঙেও ডুবাইলৈ ভ্ৰমণ নকৰাৰ কাৰণ ব্যক্তিগত বুলি প্ৰকাশ কৰিছে ৷

চেন্নাই চুপাৰ কিংছৰ পৰা বাহিৰ হৰভডজন সিং

ইপিনে চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ধোনী সহ সকলো খেলুৱৈৰে বৃহস্পতিবাৰে ক’ভিড পৰীক্ষা কৰা হয়, যাৰ ফলাফল নিগেটিভ পোৱা গৈছে ৷ ইয়াৰ পাচতেই ডুবাইত দলটোৱে নিজৰ অনুশীলন আৰম্ভ কৰিব ৷

সংবাদ সূত্ৰৰ মতে, অহা 19 ছেপ্তেম্বৰত 2020 বৰ্ষৰ আইপিএলৰ প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব চেন্নাই চুপাৰ কিংছ দলটো ৷

ত্ৰয়োদশ আইপিএল

বৃহস্পতিবাৰে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে স্পষ্ট কৰিছিল যে, শুকুৰবাৰে আইপিএলৰ কাৰ্যক্ৰমনিকা প্ৰকাশ কৰাৰ কথা ৷ চিএছকেৰ বাবে আন এটা সমস্যা হৈছে যে, পূৰ্বতেই দীপক চাহৰ আৰু ঋতুৰাজ গায়কৱাড সহ 11 গৰাকী ষ্টাফ বিষয়া কৰ’ণা পজিটিভ বুলি ধৰা পৰিছিল ৷ বৰ্তমানে আটাইকেইজন 14 দিনৰ কোৱাৰেণ্টাইন হৈ আছে ৷ পুনৰ ক’ভিড পৰীক্ষাৰ পাচত দুবাৰকৈ নিগেটিভ অহাৰ পাচতেই দলৰ সৈতে জড়িত হ’ব পাৰিব সদস্য কেইজন ৷

লগতে চাওক-গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

ABOUT THE AUTHOR

...view details