অসম

assam

5000 পৰিয়াললৈ খাদ্য সামগ্ৰী প্ৰদানৰ ঘোষণা হৰভজন সিঙৰ

By

Published : Apr 6, 2020, 7:12 PM IST

5000 পৰিয়াললৈ খাদ্য প্ৰদানৰ ঘোষণা হৰভজন সিঙৰ ৷ টুইটাৰৰ জৰিয়তে এই ঘোষণা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ ৷

টুইটাৰৰ জৰিয়তে এই ঘোষণা
5000 পৰিয়াললৈ খাদ্য প্ৰদানৰ ঘোষণা হৰভজন সিঙৰ

স্পৰ্টছ ডেস্ক, 6 এপ্ৰিল : প্ৰাক্তন ভাৰতীয় লেগ স্পীনাৰ হৰভজন সিঙে দেওবাৰে পত্নী তথা অভিনেত্ৰী গীতা বাছৰাৰ সৈতে 5000 পৰিয়াললৈ খাদ্য সামগ্ৰী প্ৰদানৰ কথা ঘোষণা কৰিছে ৷

5000 পৰিয়াললৈ খাদ্য সামগ্ৰী প্ৰদানৰ ঘোষণা হৰভজন সিঙৰ

সিঙে টুইটাৰৰ জৰিয়তে এখন ফটো পোষ্ট কৰি লিখে, "ভগৱানৰ আশীৰ্বাদত মই আৰু গীতাই জলন্ধৰত এই সময়ছোৱাত খাদ্যৰ সংকটক ভুগি থকা 5000 পৰিয়াললৈ খাদ্যৰ যোগান ধৰিম ৷"

তেওঁ লগতে কয়, "আমি সামৰ্থ অনুযায়ী আমাৰ দেশবাসীক সহায় আৰু সমৰ্থন আগবঢ়াম ৷ সুৰক্ষিত থাকক, আৰু যোগাত্মক চিন্তা কৰক ৷"

ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীৰ সৈতে লগ হৈ বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাছৰ ফলত সংকটত ভোগা লোকক সহায়ৰ হাত আগবঢ়াইছিল হৰভজন সিং আৰু যুৱৰাজ সিঙে ৷

এই সময়ছোৱাত আফ্ৰিদীৰ সমাজসেৱাকো প্ৰশংসা আগবঢ়াই হৰভজন সিঙে ৷

উল্লেখ্য যে, দেওবাৰ পৰ্যন্ত ভাৰতত আক্ৰান্তৰ সংখ্য়া 3,577 হোৱাৰ লগতে মৃত্যু হৈছে 83 জন লোক ৷

ABOUT THE AUTHOR

...view details