অসম

assam

নেশ্যনেল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰ

By

Published : Jan 2, 2020, 3:22 PM IST

ঋদ্ধিমান শ্বাহা,ভূৱনেশ্বৰ কুমাৰৰ লগতে বহু তাৰকা খেলুৱৈৰ আঘাতৰ সমস্যাৰ বাবে বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা নেশ্যনেল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰ ৷

নেশ্বন্যল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰ
নেশ্বন্যল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰ

স্পৰ্টছ ডেস্ক, 2 জানুৱাৰীঃখেলুৱৈৰ আঘাতৰে জৰ্জৰিত হোৱা সমস্যাৰ বাবে নেশ্যনেল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰৰ ব্যাপক সমালোচনা হোৱাৰ পাচতেই নেশ্যনেল ক্ৰিকেট একাডেমীৰ পুনৰ সংস্কাৰৰ বাবে বিচিচিআইয়ে গ্ৰহণ কৰিছে উল্লেখনীয় পদক্ষেপ ৷ বিচিচিআইয়ে এখন চিকিৎসা সমতি গঠন কৰাৰ লগতে এই পৰিকল্পনাটো সুচাৰু ৰূপে ৰূপায়ণ কৰিবলৈ এটা ছ’চিয়েল মিডিয়াৰ অভিজ্ঞ দল গঠন কৰি সকলো দিশটো কাৰ্যকৰী কৰিব ৷

বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী, নেশ্বন্যল ক্ৰিকেট একাডেমীৰ মুখ্য সচিব ৰাহুল দ্ৰাবিড়

NCAৰ শেহতীয়াকৈ অনুষ্ঠিত এক বৈঠকত এটা চিকিৎসা সমিতিৰ প্ৰয়োজনীয়তাক লৈ চৰ্চা কৰা হৈছিল ৷ য’ত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী, নেশ্যনেল ক্ৰিকেট একাডেমীৰ মুখ্য সচিব ৰাহুল দ্ৰাবিড়সহ বহু উচ্চ পদাধিকাৰী সকল উপস্থিত আছিল ৷ ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু জছপ্ৰীত বুমৰাহই আঘাতৰ পৰা সুস্থ হৈ উঠিবলৈ ব্যক্তিগত ব্যৱস্থা গ্ৰহণ কৰাৰ ফলতেই সংকটৰ সন্মুখীন হৈছিল নেশ্যনেল ক্ৰিকেট একাডেমী ৷

এক তথ্য অনুসৰি চিকিৎসা সমতি গঠনৰ বাবে বিচিচিআইয়ে লণ্ডনস্থিত এখন ক্লিনিকৰ সৈতে যোগাযোগ স্থাপন কৰিব ৷ উল্লেখ্য যে, নেশ্যনেল ক্ৰিকেট একাডেমীত ভূৱনেশ্বৰ কুমাৰৰ আঘাতৰ মুখ্য কাৰণ ধৰা পেলোৱাত বিফল হৈছিল ৷ অৱশ্যে গাংগুলীয়ে প্ৰথমে স্পষ্ট কৰি দিছিল যে, নেশ্যনেল ক্ৰিকেট একাডেমী দেশৰ ক্ৰিকেট বিকাশৰ কাৰ্যক্ৰমৰ প্ৰাথমিক কেন্দ্ৰ ৰূপে চিহ্নিত হ’ব ৷ ভাৰতৰ সকলো খেলুৱৈয়ে পুনৰ সংস্থাপনৰ বাবে বেংগালুৰুত যাব লাগিব ৷ আগন্তুক 18 মাহৰ ভিতৰত নেশ্যনেল ক্ৰিকেট একাডেমীত সকলো নতুন সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে গাংগুলীয়ে ৷ NCAত লেভেল 2 আৰু লেভেল 3 প্ৰশিক্ষণ ব্যৱস্থাৰ লগতে প্ৰশিক্ষক বিকাশৰ পৰামৰ্শদাতাও অন্তৰ্ভুক্ত কৰা হ’ব ৷

ABOUT THE AUTHOR

...view details