অসম

assam

কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই

By

Published : Mar 4, 2022, 8:09 PM IST

Updated : Mar 4, 2022, 8:17 PM IST

কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই (Shane Warne is no more) ৷ শুকুৰবাৰে হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হৈছে তাৰকা ক্ৰিকেটাৰ গৰাকীৰ। সবিশেষ জানো আহক ৷

australian-cricket-icon-shane-warne-passes-away-at-52
কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই

স্পোৰ্টচ ডেস্ক, 4 মাৰ্চ :অষ্ট্ৰেলিয়াৰ ক্ৰিকেট আইকন শ্বেণ ৱাৰ্ণ আৰু নাই (Shane Warne is no more) ৷ মাত্ৰ ৫২ বছৰ বয়সত শুকুৰবাৰে হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হৈছে তাৰকা ক্ৰিকেটাৰ গৰাকীৰ (Shane Warne dies of suspected heart attack) । ৱাৰ্ণৰ মেনেজমেণ্টে অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমক দিয়া এক বিবৃতিত নিশ্চিত কৰি কয়, " শ্বেনক তেওঁৰ ভিলাত প্ৰতিক্ৰিয়াহীন অৱস্থাত পোৱা গৈছিল আৰু চিকিৎসা কৰ্মী সকলৰ সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা স্বত্বেও তেওঁক সুস্থ কৰিব পৰা নগ'ল" । ৱাৰ্ণৰ পৰিয়ালে এই সময়ত গোপনীয়তা ৰক্ষাৰ অনুৰোধ কৰিছে ৷

বিশ্ব ক্ৰিকেটৰ ইতিহাসত ৱাৰ্ণক সৰ্বকালৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ লেগ স্পিনাৰ হিচাপে গণ্য কৰা হয় ৷ তেওঁ 708 টা টেষ্ট উইকেট দখল কৰি এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । উল্লেখযোগ্য যে, যোৱা সপ্তাহত কুইন্সলেণ্ডত হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকিপাৰ ৰড মাৰ্শ্বৰো মৃত্যু হৈছিল ৷ মাৰ্শ্বৰ মৃত্যুত এতিয়াৰে পৰা প্ৰায় 12 ঘন্টা আগত এটা টুইট কৰি ৱাৰ্ণে সমবেদনা প্ৰেৰণ কৰা দেখা গৈছিল ৷

লগতে পঢ়ক :Virat Kohli's 100th Test: ১০০ খন টেষ্ট খেলা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত বিৰাট কোহলী

Last Updated :Mar 4, 2022, 8:17 PM IST

ABOUT THE AUTHOR

...view details