অসম

assam

গুৱাহাটী বিশ্ববিদ্যালয়ত টীম 'ৰত্নাকৰ'

By

Published : Aug 29, 2019, 3:22 PM IST

11 অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া বিগ বাজেটৰ অসমীয়া ছবি ৰত্নাকৰ । বুধবাৰে নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ছবিখনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে টীম ৰত্নাকৰে

গুৱাহাটী বিশ্ববিদ্যালয়ত টীম ৰত্নাকৰ

গুৱাহাটী, 29 আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ছবি 'ৰত্নাকৰ'ৰ কলা-কুশলী । বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱাগত আদৰণি সভাত ভাগ ল'লে টীম ৰত্নাকৰে । 11 অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া বিগ বাজেটৰ অসমীয়া ছবি ৰত্নাকৰ । বুধবাৰে নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰায়ে ছবিখনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে টীম ৰত্নাকৰে । এই ছবিখনত দেখা যাব জনপ্ৰিয় অভিনেতা যতীন বৰা, অভিনেত্ৰী নিশিতা গোস্বামী, বৰষা ৰাণী বিষয়াকে ধৰি অসমীয়া ছবিজগতৰ ভালেকেইগৰাকী ন-পুৰণি শিল্পীক ।

গুৱাহাটী বিশ্ববিদ্যালয়ত টীম ৰত্নাকৰ

ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উৎসাহ দেখি আপ্লুত হৈ পৰে ছবিখনৰ কলা-কুশলীসকল । সকলো শ্ৰেণীৰ ৰাইজে ছবিখন চাই ভাল পাব বুলি মন্তব্য কৰে ৰত্নাকৰৰ প্ৰযোজক তথা অভিনেতা যতীন বৰাই ।

ABOUT THE AUTHOR

...view details