অসম

assam

বেট বেলেন্স চেলেঞ্জ: চৰ্চাত অনুষ্কা-বিৰাটৰ নতুন ভিডিঅ'

By

Published : Jul 2, 2021, 5:05 PM IST

বিৰাট কোহলিৰ এম এক্স টকাটক(MX TakaTak)ৰ ভিডিঅ'ত এইবাৰ পত্নী অনুষ্কা । দুটা আঙুলিৰ মূৰত ক্ৰিকেটৰ বেট ধৰি ৰখা প্ৰয়াস অনুষ্কাৰ । স্বামী বিৰাটৰ সৈতে এই বেট বেলেন্স চেলেঞ্জত কোন জয়ী হ'ল ! জানো আহক...

Anushka Sharma has joined the Bat Balance challenge with Virat Kohli
বিৰাটৰ বেট বেলেন্স চেলেঞ্জত অংশ ল'লে অনুষ্কাই

চিটাৰা ডেস্ক, ২ জুলাই: পুনৰ ছ'চিয়েল মিডিয়াত চৰ্চিত হৈছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিৰ ভিডিঅ' । এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা স্বামী বিৰাট কোহলিৰ এম এক্স টকাটক(MX TakaTak)ৰ ভিডিঅ'ত দেখা পোৱা গৈছে অভিনেত্ৰী অনুষ্কা শৰ্মাক। অনুষ্কাক বিৰাটৰ সৈতে বেট বেলেন্স চেলেঞ্জত অংশ লোৱা দেখা গৈছে । দুটা আঙুলিৰ মূৰত ক্ৰিকেটৰ বেট ধৰি ৰখা প্ৰয়াস কৰিছে অভিনেত্ৰী অনুষ্কাই ।

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে । যোৱা এপ্ৰিল মাহৰ পৰাই বিৰাট কোহলিয়ে এম এক্স টকাটক(MX TakaTak)ৰ জৰিয়তে বিভিন্ন ভিডিঅ' শ্বেয়াৰ কৰি আহিছে । ক্ৰিকেট একচন, হাস্যকৰ ভিডিঅ', বিভিন্ন হেচটেগ প্ৰত্যাহ্বান আৰু অনুৰাগীসকলৰ বাবে ইন্টাৰেক্টিভ চেচন অন্তৰ্ভুক্ত কৰি বিৰাটে সৰু সৰু ভিডিঅ' প্ৰস্তুত কৰিবলৈ কাম আৰম্ভ কৰিছে । এই বেট বেলেন্স প্ৰত্যাহ্বানটো দুদিন পূৰ্বে এম এক্স টকাটকত শ্বেয়াৰ কৰা হৈছিল ।

বহু অনুৰাগীয়ে এই বেট বেলেন্স প্ৰত্যাহ্বানত অংশ লোৱাও দেখা গৈছে । অনুষ্কায়ো বেট বেলেন্স প্ৰত্যাহ্বানত অংশ লৈ ভিডিঅ' শ্বেয়াৰ কৰে । ইনষ্টাগ্ৰাম পোষ্টযোগে ভিডিঅ'টো শ্বেয়াৰ কৰি অনুষ্কাই লিখিছে যে, তেওঁ কোহলিৰ সৈতে বেট বেলেন্স চেলেঞ্জত অংশ লৈ আনন্দিত হৈছে । লগতে অনুৰাগীসকলকো এই চেলেঞ্জত অংশ লৈ দক্ষতা প্ৰদৰ্শন কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে অনুৰোধ জনায় ।

চলিত মাহৰ আৰম্ভণিতে, ৩৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ সমাপ্ত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে বিৰাটৰ সৈতে চাউদাম্পটনলৈ গৈছিল। ষ্টেডিয়ামৰ 'বেডৰুম বেলকনি ভিউ' শ্বেয়াৰ কৰাৰ পৰা আৰম্ভ কৰি নতুনকৈ চুলিৰ সৈতে নিজৰ ভিডিঅ' আৰু ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি আহিছে অনুষ্কা শৰ্মাই । আনহাতে, এইবাৰ নতুন ছিৰিজ 'কিলা' প্ৰযোজনা কৰিবলৈ সাজু হৈছে অনুষ্কা । ইফালে, অনুষ্কাক নৱদীপ সিং পৰিচালিত ছবি কানেড়াত দেখা পোৱা যাব আৰু ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱন কাহিনীৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক:এছ এছ ৰাজামৌলীৰ "RRR" নতুন পোষ্টাৰ মুকলি

ABOUT THE AUTHOR

...view details