অসম

assam

whatsapps short film: চলচ্চিত্ৰ নিৰ্মাণৰ ব্যৱসায়ত এইবাৰ WhatsApp

By

Published : Sep 18, 2022, 5:09 PM IST

whatsapp-film-business-starts-with-short-film-on-nba-player-giannis-antetokounmpo-naija-odyssey

মেটাৰ মালিকানাধীন হোৱাটছএপে চলচ্চিত্ৰ নিৰ্মাণৰ ব্যৱসায়ত সোমাই পৰিছে(WhatsApp enters film making biz) আৰু এমাজন প্ৰাইম ভিডিঅ' আৰু ইউটিউবত ইয়াৰ প্ৰথমখন অকিজিনেল চুটি ছবি ‘নাইজা ওডিছি’ৰ প্ৰিমিয়াৰ কৰিবলৈ আগবাঢ়িছে (Naija Odissi premieres on Amazon Prime Video and YouTube)।

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ:মেটাৰ মালিকানাধীন হোৱাটছএপে চলচ্চিত্ৰ নিৰ্মাণৰ ব্যৱসায়ত সোমাই পৰিছে(WhatsApp enters film making biz) আৰু এমাজন প্ৰাইম ভিডিঅ' আৰু ইউটিউবত ইয়াৰ প্ৰথমখন অকিজিনেল চুটি ছবি ‘নাইজা ওডিছি’ৰ প্ৰিমিয়াৰ কৰিবলৈ আগবাঢ়িছে (Naija Odissi premieres on Amazon Prime Video and YouTube)।

১২ মিনিটৰ এই চুটি ছবিখনত গ্ৰীচত নাইজেৰিয়াৰ এটা পৰিয়ালত জন্মগ্ৰহণ কৰা NBAৰ খেলুৱৈ জিয়ানিছ এণ্টেটোকাউনম্পোৰ জীৱনৰ ওপৰত বৰ্ণনা কৰা হৈছে (NBA player Giannis Antetokounmpo) ।

হোৱাটছএপে এক টুইটযোগে কয় যে, "হোৱাটছএপৰ দ্বাৰা নিৰ্মাণ কৰা জিয়ানিছৰ ক্ৰছ-কালচাৰ ষ্ট'ৰী(Cross culture story by WhatsApp) আগন্তুক ২১ ছেপ্টেম্বৰত এমাজন প্ৰাইম ভিডিঅ'ত ষ্ট্ৰীম কৰক ।"

১২ মিনিটৰ এই চুটি ছবিখনে হোৱাটছএপৰ মনোৰঞ্জনৰ ক্ষেত্ৰত প্ৰৱেশৰ সূচনা কৰিছে, যিটো ছ’চিয়েল মিডিয়া মেছেজিং প্লেটফৰ্মৰ বাবে প্ৰথম । ভেৰাইটিয়ে(Variety report) প্ৰকাশ কৰা অনুসৰি অৱশ্যে ‘নাইজা অডিচি’ হোৱাটছএপৰ প্ৰচাৰৰ এক উপায় যেন লাগে কাৰণ শেহতীয়াকৈ এণ্টেট’কাউনম্পোৱে কোম্পানীটোৰ সৈতে এণ্ডাৰছমেণ্ট চুক্তি স্বাক্ষৰ কৰিছে, যিটো প্লেটফৰ্মৰ বাবে প্ৰথম ।

১২ মিনিটৰ এই ছবিখনে হোৱাটছএপৰ ইউটিউব চেনেলকে ধৰি ছ’চিয়েল মিডিয়া একাউণ্টতো মুক্তি পাব । এণ্টেটোকাউনম্পোক ২০২১ চনত(Milwaukee Bucks in 2021) মিলৱাকি বাকছৰ হৈ ‘এনবিএ অল-ষ্টাৰ গেম এমভিপি’(NBA All Star Game MVP) হিচাপে নিৰ্বাচিত হৈছিল । এণ্টেটোকোউনম্পো আৰু তেওঁৰ মাতৃৰ দ্বাৰা বৰ্ণনা কৰা ‘নাইজা অডিচি’ নামৰ ক্লাছিক গ্ৰীক মহাকাব্যিক ‘দ্য অডিচি’ৰ পৰা অনুপ্ৰাণিত হৈছে, যিয়ে তেওঁৰ জীৱনৰ বিভিন্ন মুহূৰ্তক চিত্ৰিত কৰিছে ।

লগতে পঢ়ক:নতুন featureৰ জৰিয়তে আৰু অধিক সুৰক্ষিত হ'ব আপোনাৰ WhatsApp একাউন্ট

ABOUT THE AUTHOR

...view details