নতুন featureৰ জৰিয়তে আৰু অধিক সুৰক্ষিত হ'ব আপোনাৰ WhatsApp একাউন্ট

author img

By

Published : Sep 13, 2022, 8:42 PM IST

whatsapp new privacy feature exit group hide online status screenshot blocking

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপ গ্ৰুপে ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আহিছে কিছু নতুন ফিচাৰ । ইয়াৰে ভিতৰত Whatsapp new privacy featureৰ জৰিয়তে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে সকলোকে অৱগত নকৰাকৈ গ্ৰুপ চেটৰ পৰা ওলাই যাব পাৰিব ।

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: মেটাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে (Mark Zuckerberg founder CEO Meta)বিগত মাহত হোৱাটছএপৰ বাবে তিনিটা নতুন ফিচাৰ ঘোষণা কৰিছে । Whatsappত তিনিটা প্ৰধান গোপনীয়তা বৈশিষ্ট্য(WhatsApp 3 new privacy feature), যিয়ে ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু অধিক সুৰক্ষিত কৰে (WhatsApp privacy feature) । নতুন হোৱাটছএপ প্ৰাইভেচি ফিচাৰৰ জৰিয়তে Whatsapp ব্যৱহাৰকাৰীয়ে সকলোকে অৱগত নকৰাকৈ গ্ৰুপ চেটৰ পৰা ওলাই যাব পাৰিব (Exit group chats without notifying everyone)।

এতিয়া আপোনাৰ অনলাইন ষ্টেটাচৰ ওপৰত নিয়ন্ত্ৰণ থাকিব(WhatsApp online feature) । অনলাইন ষ্টেটাছ সহজে আপুনি লুকুৱাব পাৰিব । কোনে কোনে চাব পাৰে তাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ আছে । এতিয়া এই Feature ব্যৱহাৰকাৰীৰ বাবে বিটা সংস্কৰণত চলি আছে । চলিত বৰ্ষৰ আগষ্ট মাহত WhatsAppয়ে এই Feature ঘোষণা কৰিছিল ।

এই নতুন সুৰক্ষাৰ স্তৰসমূহৰ বিষয়ে প্ৰচাৰ কৰিবলৈ চেট এপটোৱে নিজৰ ব্লগ পোষ্টত লিখিছে যে "আমি হোৱাটছএপত নতুন বৈশিষ্ট্যসমূহ আৰু আপোনাৰ ব্যক্তিগত কথোপকথনৰ বিষয়ে মানুহক জ্ঞান দিয়াৰ বাবেও এক অভিযান আৰম্ভ কৰিছো । সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে"।

WhatsAppত ইতিমধ্যে View Once ফিচাৰ(WhatsApp view once feature) আছে যিয়ে এপটোত শ্বেয়াৰ কৰা ছবি বা ভিডিঅ’ৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰে, এতিয়া ইয়াত In View Once মেছেজৰ বাবে স্ক্ৰীণশ্বট ব্লকিংও অপশ্যনো প্ৰৱৰ্তন কৰা হৈছে(screenshot blocking)। ই বাৰ্তাসমূহত সুৰক্ষাৰ এটা অতিৰিক্ত স্তৰ যোগ কৰিব, অতি শীঘ্ৰেই সকলো ব্যৱহাৰকাৰীলৈ এই ৰোল আউট আৰম্ভ কৰিব ।

লগতে পঢ়ক: Ambrane Smart Sunglasses: এতিয়াৰে পৰা স্মাৰ্ট চশমাৰ সহায়ত কৰক ফোন, শুনক সংগীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.