অসম

assam

চেমচাঙে মুকলি কৰিলে নতুন Odyssey OLED G8 গেমিং মনিটৰ

By

Published : Sep 1, 2022, 4:36 PM IST

বাৰ্লিনত অনুষ্ঠিত হ’বলগীয়া IFA 2022ৰ পূৰ্বে চেমচাং ইলেক্ট্ৰনিক্সে মুকলি কৰিলে Samsungৰ নতুন গেমিং মনিটৰ ৷ Odyssey OLED G8 (G85SB) যিয়ে ইয়াৰ অডিচি লাইনআপ সম্প্ৰসাৰণ কৰিছে ।

Samsung unveils new Odyssey OLED G8 gaming monitor
চেমচাঙে মুকলি কৰিলে নতুন Odyssey OLED G8 গেমিং মনিটৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 1 ছেপ্তেম্বৰ: বাৰ্লিনত অনুষ্ঠিত হ’বলগীয়া IFA 2022ৰ পূৰ্বে চেমচাং ইলেক্ট্ৰনিক্সে লঞ্চ কৰিলে Samsungৰ নতুন গেমিং মনিটৰ ৷ Odyssey OLED G8 (G85SB) যিয়ে ইয়াৰ অডিচি লাইনআপ সম্প্ৰসাৰণ কৰিছে । কোম্পানীটোৱে জনোৱা মতে, Odyssey OLED G8 হৈছে কোম্পানীটোৰ প্ৰথমটো OLED গেমিং মনিটৰ আৰু যাৰ ওজন খুবেই কম, লগতে ই উপলব্ধ হ’ব ৩৪ ইঞ্চিৰ ফৰ্ম ফেক্টৰত(Samsung unveils new Odyssey OLED G8 gaming monitor) ।

কোম্পানীটোৱে এক বিবৃতিত কয় যে, নতুন ৩৪ ইঞ্চিৰ Odyssey OLED G8ৰ আটাইতকৈ পাতল অংশত ৩.৯ মিলিমিটাৰ আল্ট্ৰা-স্লিম বেধত নিৰ্মাণ কৰা হৈছে আৰু ইয়াক চিকচিকিয়া, ধাতুৰ ফ্ৰেমৰ সৈতে ফিনিশ্বিং (Finishing) দিয়া হৈছে । ইয়াত লগতে কোৱা হৈছে যে ইয়াৰ বাবে কোনো বেকলাইটিঙৰ প্ৰয়োজন নাই, একে সময়তে সৰ্বোচ্চ ৰঙৰ সঠিকতা আৰু উজ্জ্বলতাৰ বাবে প্ৰকৃত RGB প্ৰদান কৰে ।

আল্ট্ৰা-ৱাইড, QHD ৰিজ’লিউচন গেমিং মনিটৰটোৰ 100 শতাংশ ৰঙৰ ভলিউমৰ সৈতে 21:9 এছপেক্ট ৰেচিঅ’ আৰু খেলাটো যিয়েই নহওক কিয় অবিশ্বাস্য ভিজুৱেলৰ বাবে DCI-99.3 শতাংশ ৰঙৰ গেম আছে ।

যিকোনো খেলুৱৈক প্ৰতিযোগিতামূলক অভিজ্ঞতা(Experience) দিবলৈ গেমিং ফিচাৰেৰে ভৰপূৰ Odyssey OLED G8 । ইয়াৰ উপৰিও ই ব্যৱহাৰকাৰীসকলক একে ঠাইতে শ্ৰেষ্ঠ গেমিং, মনোৰঞ্জন আৰু জীৱনশৈলীৰ বৈশিষ্ট্যসমূহ অনুভৱ কৰিবলৈ সক্ষম কৰে । ডিছপ্লেটোৱে চেমচাঙৰ স্মাৰ্ট হাবৰ জৰিয়তে কন্টেন্ট ষ্ট্ৰীম কৰাৰ ক্ষমতাৰ সৈতে এটা সম্পূৰ্ণ মনোৰঞ্জন হাব হিচাপে কাম কৰে, যাৰ ফলত এমাজন প্ৰাইম, নেটফ্লিক্স, ইউটিউব আৰু অন্যান্য আগশাৰীৰ অ’টিটি (over-the-top)সেৱা প্ৰদানকাৰীসকলৰ শেহতীয়া শ্ব’সমূহৰ প্ৰৱেশাধিকাৰ পোৱা যায় ।

সংহত IoT হাবে ব্যৱহাৰকাৰীসকলক মনিটৰৰ সৈতে বেতাঁৰ সংযোগ কৰা সকলো IoT ডিভাইচ পৰীক্ষা কৰিবলৈ অনুমতি দিয়ে, আনহাতে SmartThingsএপে ব্যৱহাৰকাৰীসকলক সমগ্ৰ ঘৰতে IoT ডিভাইচসমূহ সহজে নিৰীক্ষণ কৰিবলৈ সক্ষম কৰিব । ২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকৰ পৰা বিশ্বজুৰি উপলব্ধ হ’ব এই অডিচি Odyssey OLED G8 ৷ বিভিন্ন স্থান অনুসৰি ইয়াক মুকলিৰ সময়সূচী বেলেগ বেলেগ হ’ব ।

লগতে পঢ়ক :৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ SAMSUNGৰ R&D উদ্ভাৱন কাৰ্যসূচী সম্প্ৰসাৰণ

ABOUT THE AUTHOR

...view details