অসম

assam

পূৰ্বৰ মডেলৰ কেমেৰা ডিজাইনৰ সৈতে সাদৃশ্য থাকিব Samsung Galaxy S23 Ultraৰ

By

Published : Aug 29, 2022, 10:01 PM IST

সময়ৰ পূৰ্বে লিক কৰা হ'ল Samsung Galaxy S23 Ultraৰ (Samsung's Galaxy S23 Ultra)প্ৰথম লুক ৷ পূৰ্বৰ মডেলৰ কেমেৰা ডিজাইনৰ সৈতে সাদৃশ্য থাকিব Samsung Galaxy S23 Ultraৰ ৷

Samsung Galaxy S23 Ultra smartphone to borrow camera design from its predecessor
পূৰ্বৰ মডেলৰ কেমেৰা ডিজাইনৰ সৈতে সাদৃশ্য থাকিব Samsung Galaxy S23 Ultraৰ

নেশ্যনেল ডেস্ক, 29 আগষ্ট: দক্ষিণ কোৰিয়াৰ টেক জায়ান্ট Samsungৰ বহু প্ৰত্যাশিত ফ্লেগশ্বিপ স্মাৰ্টফোন Galaxy S23 Ultra শীঘ্ৰেই বজাৰত গ্ৰাহকৰ বাবে উপলদ্ধ(Samsung Galaxy S23 Ultra smartphone) ৷ জানিব পৰা মতে, এই ফ্লেগশ্বিপ স্মাৰ্টফোন Galaxy S23 Ultraত ২০০ মেগাপিক্সেলৰ মূল কেমেৰা থাকিব । যিয়ে আপোনাক ফটো ক্লিকৰ ক্ষেত্ৰত এক নতুন অভিজ্ঞতা দিব ৷ ইতিমধ্যে, 2023 বৰ্ষত এই স্মাৰ্টফোনটো (Samsung Galaxy S23 Ultra smartphone) মুকলি প্ৰকট হৈ পৰিছে ।

যদিও সময়ৰ পূৰ্বে চেমচাঙ Galaxy S23 আল্ট্ৰাৰ (Samsung's Galaxy S23 Ultra)প্ৰথম লুক লিক কৰা হৈছে তথাপিও ইয়াক বহুতে নিজৰ আগ্ৰহ প্ৰদৰ্শন কৰিছে ৷

ইয়াক লৈ এজন টিপষ্টাৰে কৈছে যে, কোম্পানীটোৱে Samsung's Galaxy S23 Ultraৰ এটা ডিজাইনত থিতাপি লৈছে । জিএছএম এৰিনাৰ মতে, আইচ ইউনিভাৰ্ছে কৈছে যে আহিবলগীয়া স্মাৰ্টফোনৰ ডিজাইন ইয়াৰ পূৰ্বৱৰ্তী, Galaxy S22 আল্ট্ৰাৰ দৰে একে হ'ব । অন্ততঃ, পিছফালৰ কেমেৰা ডিজাইনৰ দ্বাৰা সেয়া অনুমান কৰিব পাৰি ।

নতুন প্ৰতিবেদনখন আইচ ইউনিভাৰ্ছৰ পূৰ্বৰ প্ৰতিবেদনৰ সৈতে একে যেন লাগে যিয়ে দাবী কৰিছিল যে Galaxy S23 Ultraৰ সামগ্ৰিক ডিজাইন আৰু মাত্ৰা অপৰিৱৰ্তিত হৈ থাকিব । অৱশ্যে Galaxy S23 ৰ বাকী লাইন-আপে S23 Ultraৰ কেমেৰাৰ লুক পাব নে পুৰণি ডিজাইনৰ সৈতে ইয়াক ৰিলিজ কৰা হ'ব তাকে লৈ এতিয়া সকলোৰে মনত উৎকণ্ঠাই বিৰাজ কৰিছে ।

Non-Ultra S21 and S22 ফোনত কেমেৰাৰ বাম্প একে হোৱাৰ বাবে ডিজাইন সলনি কৰা হ'ব বুলি জিএছএম এৰিনাই প্ৰকাশ কৰিছে । পূৰ্বে মেশ্বেবলে প্ৰকাশ কৰা অনুসৰি টি এফ ইণ্টাৰনেশ্যনেল ছিকিউৰিটিজৰ বিশ্লেষক (TF International Securities analyst) মিং-চি কুওৱে প্ৰকাশ কৰিছিল যে, Galaxy S23 ছিৰিজত থাকিব কেৱল ফ্লেগশ্বিপ স্নেপড্ৰেগন চিপ আৰু এইবাৰ ফোনটোৰ কোনো Exynos সংস্কৰণ নাথাকিব । কুওৰ ধাৰাবাহিক টুইট অনুসৰি আগন্তুক Galaxy S23 ছিৰিজত Qualcomm chipset দিয়া হ’ব ।

কুওৰ মতে, Galaxy S23 ছিৰিজত থাকিব কোৱালকমৰ ফ্লেগশ্বিপ 5G Chip SM8550, যিটো TSMC 4nm প্ৰক্ৰিয়াত নিৰ্মাণ কৰা হৈছিল । তদুপৰি বিশেষজ্ঞগৰাকীয়ে কৈছে যে, Samsungৰ ফ্লেগশ্বিপ ছিৰিজ হয়তো ইন-হাউছ এক্সাইন’ছ ২৩০০ chipsetৰ ওপৰত নিৰ্ভৰ নকৰিব । ইফালে Mashable অনুসৰি, স্মাৰ্টফোনটোত স্নেপড্ৰেগন SM8550ৰ SM 8450 আৰু SM8475 তকৈ উচ্চ কম্পিউটেচনেল আৰু শক্তি কাৰ্যক্ষমতা থকা বুলিও ৰিপৰ্ট কৰা হৈছে ।

লগতে পঢ়ক :২০২৩ চনত মুকলি হ'ব 200 MP ৰ সৈতে Samsung Galaxy S23 Ultra smartphone

ABOUT THE AUTHOR

...view details