অসম

assam

5000mAh বেটাৰীৰ সৈতে মুকলি হ'ল Samsung Galaxy M04, দাম শুনিলে আচৰিত হ'ব আপুনিও

By

Published : Dec 9, 2022, 6:54 PM IST

ছেমছাঙে গ্ৰাহকৰ বাবে মুকলি কৰিছে নতুন বাজেট ফ্ৰেণ্ডলি স্মাৰ্টফোন । আহক জানো Samsung এই স্মাৰ্টফোনৰ মূল্যৰ পৰা আৰম্ভ কৰি ভাৰতত উপলব্ধ বৈশিষ্ট্যসমূহৰ বিতং তথ্য ।

Samsung Galaxy M04 launched with 5000mAh battery price less than 9 thousand
5000mAh বেটাৰীৰ সৈতে মুকলি হ'ল Samsung Galaxy M04, দাম শুনিলে আচৰিত হ'ব আপুনিও

ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে Samsung Galaxy M04 স্মাৰ্টফোন, এই হেণ্ডছেটটো কোম্পানীটোৰ Samsung Galaxy M03ৰ উন্নীতকৰণ সংস্কৰণ । গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহৰ কথা ক’বলৈ গ’লে এই চেমচাং মোবাইল ফোনটো ৰেম প্লাছ ফিচাৰ আৰু ডাঙৰ বেটাৰীৰ সৈতে মুকলি কৰা হৈছে । এই এণ্ট্ৰি লেভেল ফোনটোৰ জৰিয়তে কোম্পানীটোৱে দুবছৰৰ OS আপডেটও প্ৰদান কৰিব । আহক জানো Samsung Galaxy M04ৰ মূল্যৰ পৰা আৰম্ভ কৰি ভাৰতত উপলব্ধ বৈশিষ্ট্যসমূহৰ বিতং তথ্য ।

ভাৰতত Samsung Galaxy M04 মূল্য

এই চেমচাং মোবাইল ফোনটোৰ এটা একক ভেৰিয়েন্ট মুকলি কৰা হৈছে যিয়ে ৪ জিবি ৰেমৰ সৈতে ৬৪ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ প্ৰদান কৰে, এই মডেলৰ মূল্য ৮৪৯৯ টকা । এই স্মাৰ্টফোন ক'ত উপলব্ধ হ'ব ইয়াৰ বিষয়ে ক’বলৈ গ’লে এই ফোন ই-কমাৰ্চ চাইট আমাজনত গ্ৰাহকৰ বাবে ১৬ ডিচেম্বৰৰ পৰা এই চেমচাং স্মাৰ্টফোনৰ বিক্ৰী আৰম্ভ হ’ব । এই ডিভাইচৰ চাৰিটা ৰঙৰ ভিন্নতা মুকলি কৰা হৈছে, গোল্ড, মিন্ট গ্ৰীণ, ব্লু আৰু হোৱাইট ।

Samsung Galaxy M04 স্পেচিফিকেশন

ডিছপ্লে: ফোনটোত ৬.৫ ইঞ্চিৰ এইচডি প্লাছ ডিছপ্লে আছে, যিয়ে ৯০ হাৰ্টজৰ ৰিফ্ৰেছ ৰেট প্ৰদান কৰে ।

প্ৰচেছৰ:IMG PowerVR GE8320 GPU গতি আৰু মাল্টিটাস্কিঙৰ বাবে Galaxy M04 ত MediaTek Helio P35 চিপছেটৰ সৈতে গ্রাফিক্সৰ বাবে ব্যৱহাৰ কৰা হৈছে ।

ৰেম আৰু ষ্ট’ৰেজ:ফোনটোত আছে ৪ জিবি ৰেম যিটো ৪ জিবি ভাৰ্চুৱেল ৰেম সমৰ্থনৰ সহায়ত ৮ জিবিলৈ বৃদ্ধি কৰিব পাৰি । ফোনটোত ১২৮জিবি ইণ্টাৰনেল ষ্ট’ৰেজ আছে, যিটো মাইক্ৰ’এছডি কাৰ্ডৰ সহায়ত সম্প্ৰসাৰিত কৰিব পাৰি ।

চফট্ ৱেৰ: এই ফোনটোৱে এণ্ড্ৰইড ১২ আউট অৱ দ্য বক্সত কাম কৰে আৰু আমি ওপৰত কোৱাৰ দৰে কোম্পানীটোৱে দুবছৰলৈকে নিজৰ ডিভাইচত অ’ এছ আপডেট প্ৰদান কৰি থাকিব ।

বেটাৰী ক্ষমতা: এই চেমচাং ফোনটোক 15W ফাষ্ট চাৰ্জ সমৰ্থনৰ সৈতে 5000mAh বেটাৰী দিয়া হৈছে ।

কেমেৰা ছেটআপ:ফোনটোৰ পিছফালৰ পেনেলত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে, য’ত আছে ১৩ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা চেন্সৰ, ২ মেগাপিক্সেলৰ ছেকেণ্ডাৰী কেমেৰা চেন্সৰ দিয়া হৈছে । চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ৫ মেগাপিক্সেলৰ কেমেৰা চেন্সৰ আছে ।

লগতে পঢ়ক:Airtel world pass: এয়াৰটেলৰ বিশেষ প্লেন, ১৮৪খন দেশত নিৰ্বিঘ্নে পাব সুবিধা

ABOUT THE AUTHOR

...view details