অসম

assam

Elon Musk announcement: টকাৰ বাবদ হেৰুৱাইছে ইউজাৰ, ক্ষমা বিচৰি ইলনে আগবঢ়াইছে নতুন Feature

By

Published : Nov 14, 2022, 6:23 PM IST

ইলন মাস্কৰ প্ৰৱেশৰ পিছৰে পৰাই টুইটাৰত ইটোৰ পিছত সিটো ঘটনা ঘটিবলৈ লৈছে । কোম্পানীটোৰ নতুন স্বত্বাধিকাৰীয়ে টুইটাৰত বহু পৰিৱৰ্তন কৰিছে । মাস্কে নিজাববীয়াকৈ টুইটাৰৰ বৈশিষ্ট্যসমূহ উন্নত কৰিছে আৰু নতুন বৈশিষ্ট্যসমূহো মুকলি কৰিছে(Elon Musk apologizes to users for Twitter's performance)।

Elon Musk apologizes to users another new feature will be entered in Twitter soon
টকাৰ বাবদ হেৰুৱাইছে ইউজাৰ, ক্ষমা বিচৰি ইলনে আগবঢ়াইছে নতুন Feature

নিউজ ডেস্ক, 11 নৱেম্বৰ: ইলন মাস্কৰ প্ৰৱেশৰ পিছৰে পৰাই টুইটাৰত ইটোৰ পিছত সিটো ঘটনা ঘটিবলৈ লৈছে । কোম্পানীটোৰ নতুন স্বত্বাধিকাৰীয়ে টুইটাৰত বহু পৰিৱৰ্তন কৰিছে । মাস্কে নিজাববীয়াকৈ টুইটাৰৰ বৈশিষ্ট্যসমূহ উন্নত কৰিছে আৰু নতুন বৈশিষ্ট্যসমূহো মুকলি কৰিছে(Elon Musk apologizes to users for Twitter's performance) ।

দেওবাৰে নিশা মাস্কে টুইট কৰি কয় যে, অতি শীঘ্ৰেই এটা বৈশিষ্ট্য আহি আছে যিয়ে সংস্থাসমূহক চিনাক্ত কৰাত সহায় কৰিব যে তেওঁলোকৰ সৈতে প্ৰকৃততে আন কোনবোৰ টুইটাৰ একাউণ্ট সংযুক্ত । বিশেষ কথাটো হ’ল যে, ইয়াৰ পিছত কৰা আন এটা টুইটত মাস্কেও ব্যৱহাৰকাৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছিল । কিছুমান দেশত টুইটাৰ ছুপাৰ স্লো হোৱাৰ বাবে মাস্কে ক্ষমা বিচাৰে(Elon Musk apologizes to users) ।

এই দুটা টুইটৰ বাহিৰেও মাস্কে আগন্তুক বৈশিষ্ট্য আৰু ছুপাৰ স্লো টুইটাৰৰ বিষয়ে আৰু টুইট কৰা নাছিল । বৰ্তমান মাস্কে টুইটাৰত ভুৱা একাউণ্ট আঁতৰোৱাৰ অভিযানত লিপ্ত হৈছে আৰু এই নতুন পৰিৱৰ্তন ইয়াৰে এটা অংশ বুলি ধৰিব পৰা গৈছে । বিগত সপ্তাহত টুইটাৰে টুইটাৰ ব্লুৰ চাবস্ক্ৰিপচনৰ বাবে ৮ ডলাৰ ল’বলৈ আৰম্ভ কৰিছিল । ইয়াৰ লগে লগে ব্ৰেণ্ড আৰু চেলিব্ৰিটিৰ বহু ভুৱা একাউণ্ট টুইটাৰত সক্ৰিয় হৈ পৰিল ।

এই ভুৱা একাউণ্টসমূহে টুইটাৰৰ পেইড ভেৰিফিকেচনত চাবস্ক্ৰাইব কৰিছিল, যাৰ ফলত বহু ব্যৱসায়ী আৰু বিজ্ঞাপনদাতাৰ বৃহৎ লোকচানৰ সন্মূখীন হৈছিল । এই ভুৱা একাউণ্টৰ ভুৱা টুইটৰ বাবে ফাৰ্মা জায়েন্ট এলি লিলি আৰু প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা কোম্পানী Lockheed Martinয়ে কোটি কোটি টকা হেৰুৱাইছে । ব্যৱহাৰকাৰী আৰু বিজ্ঞাপনদাতাৰ তীব্ৰ বিৰোধিতাৰ বাবে টুইটাৰে শুকুৰবাৰে ব্লু টিক চাবস্ক্ৰিপচন বন্ধ কৰি দিয়ে ।

লগতে পঢ়ক:Google Doodle: Doodle for Google ইণ্ডিয়াৰ প্ৰতিযোগিতাত উজ্বলিল কলকাতাৰ ছাত্ৰ

ABOUT THE AUTHOR

...view details