অসম

assam

ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বেচৰকাৰী সংস্থাৰ নিৰ্দেশক

By

Published : Oct 23, 2020, 7:49 AM IST

জম্মু-কাশ্মীৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে চছিয়েল ৱেলফেয়াৰ ইণ্ডিয়াৰ নিৰ্দেশকক ৷ বেচৰকাৰী সংস্থাটোৰ নিৰ্দেশকগৰাকীৰ বিৰুদ্ধে 38 লাখ টকা আত্মসাৎ কৰা দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ আছিল ৷ স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ হ'বলগীয়া শৌচালয় নিৰ্মাণত এইদৰে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ নিৰ্দেশকগৰাকী ৷

ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বেচৰকাৰী সংস্থাৰ নিৰ্দেশক
ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বেচৰকাৰী সংস্থাৰ নিৰ্দেশক

নিউজ ডেস্ক, 23 অক্টোবৰ :স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ হ'বলগীয়া শৌচাগাৰ নিৰ্মাণত দুৰ্নীতিত লিপ্ত হোৱাৰ বাবে গ্ৰেপ্তাৰ বেচৰকাৰী সংস্থাৰ নিৰ্দেশক ৷ জম্মু-কাশ্মীৰৰ দুৰ্নীতি নিবাৰক শাখাই 38 লাখ টকা আত্মসাৎ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে চছিয়েল ৱেলফেয়াৰ ইণ্ডিয়া নামৰ বেচৰকাৰী সংস্থাৰ নিৰ্দেশকক ৷

শ্ৰীনগৰ পৌৰসভাৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ ভাৰ লাভ কৰিছিল সংস্থাটোৱে ৷ কিন্তু শৌচাগাৰ নিৰ্মাণত যথেষ্ট দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল সংস্থাটোৰ বিৰুদ্ধে ৷ সংস্থাটোৱে 218খন শৌচালয় আৰু 9খন যুটীয়া সংগ্ৰাহক পিট নিৰ্মাণৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিছিল যদিও হিতাধিকাৰীসকলে এই সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত শ্ৰীনগৰ পৌৰসভাৰ অভিযান্ত্ৰিকী বিভাগে সকলো নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা বুলি প্ৰমাণপত্ৰ প্ৰদান কৰি সংস্থাটোক 38,81,612 টকা আদান কৰিছিল ৷

কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল যে, সংস্থাটোৱে ভুৱা কাৰ্যপ্ৰমাণেৰে এই অনুজ্ঞা লাভ কৰাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি প্ৰমাণপত্ৰ লাভ কৰিছিল ৷ দৰাচলতে বেচৰকাৰী সংস্থাটোৱে কোনো শৌচাগাৰ নিৰ্মাণ কৰা নাছিল ৷ পৰৱৰ্তী সময়ত সংস্থাটোৰ বিৰুদ্ধে জম্মু-কাশ্মীৰ দুৰ্নীতি নিবাৰক শাখাই গোচৰ ৰুজু কৰে ৷ গোচৰত শ্ৰীনগৰ পৌৰসভাৰ কাৰ্য্যবাহী অভিযন্তা মাৰুফ আহমেদ, কনিষ্ঠ অভিযন্তা জাভেদ ইকবাল শ্বাহ আৰু বেচৰকাৰী সংস্থাটোৰ নিৰ্দেশক জাহিৰ আব্বাচ ভাট্টি আৰু সাধাৰণ সচিব ইশৰাত আশ্ৰফ শ্বাহৰ বিৰুদ্ধে দুৰ্নীতিত লিপ্ত হোৱা অভিযোগ আনে ৷

পৰৱৰ্তী সময়ত সংস্থাই আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰি সমগ্ৰ গোচৰৰ তদন্ত চলাই থকা হৈছে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক :বিজেপি নেতাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

ABOUT THE AUTHOR

...view details