ETV Bharat / bharat

বিজেপি নেতাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

author img

By

Published : Oct 22, 2020, 10:47 PM IST

মিজোৰামৰ পূৰ্বৰ ৰাজ্যপাল তথা বিজেপি নেতা কুম্মানাম ৰাজাশ্বেখৰনৰ নাম সাঙোৰ খাইছে ধন আত্মসাতৰ কেলেংকাৰীত ৷ বিজেপি নেতাগৰাকীৰ ব্যক্তিগত সহায়ক প্ৰৱীণ ভি পিল্লাই হৈছে ইয়াৰ মূল অভিযুক্ত ৷

বিজেপি নেতাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ
বিজেপি নেতাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ : ধন আত্মসাতৰ কেলেংকাৰীত নাম সাঙোৰ খাইছে মিজোৰামৰ পূৰ্বৰ ৰাজ্যপাল তথা বিজেপি নেতা কুম্মানাম ৰাজাশ্বেখৰনৰ ৷ কেৰালাৰ আৰাণমোলা আৰক্ষী থানাত ৰুজু হৈছে গোচৰ ৷ অভিযোগকাৰী হৰিকৃষ্ণণে জনোৱা মতে, আঠগৰাকী ব্যক্তিৰ সৈতে নেতাজনে 2018 চনতেই অংশীদাৰী ব্যৱসায় আৰম্ভ কৰাৰ প্ৰলোভনেৰে তেওঁৰ পৰা 28.78 লাখ টকা সৰকাইছে ৷

অভিযোগকাৰী গৰাকীয়ে দৃঢ়তাৰে এই প্ৰৱঞ্চনাৰ কথা প্ৰকাশ কৰে আৰক্ষীক ৷ বিজেপি নেতাগৰাকীৰ ব্যক্তিগত সহায়ক প্ৰৱীণ ভি পিল্লাই হৈছে ইয়াৰ মূল অভিযুক্ত ৷ বিজয়ন, চেভিয়াৰ নামৰ আন দুজন ব্য়ক্তিৰ নামো উল্লেখ কৰে হৰিকৃষ্ণণে ৷ ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : আপোনাৰ এধানি সহাৰিয়ে হাঁহি বিৰিঙাব কান্তেশ্বৰ সোণোৱালৰ মুখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.