অসম

assam

হিজাব পৰিধান নকৰাৰ বাবেই সাংবাদিকক সাক্ষাৎকাৰ নিদিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

By

Published : Sep 23, 2022, 12:46 PM IST

ইৰাণত হিজাব বিতৰ্ক অব্যাহত আছে (Hijab controversy in Iran)। তাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিৰ নাম এইবাৰ হিজাব বিতৰ্কত সোমাই পৰিছে । হিজাব পৰিধান নকৰাৰ বাবে সাংবাদিকক সাক্ষাৎ নিদিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

US journalist denied interview
হিজাব পৰিধান নকৰাৰ বাবেই সাংবাদিকক সাক্ষাৎকাৰ নিদিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ :ভাৰতৰ লগতে ইৰাণতো হিজাব বিতৰ্ক অব্যাহত আছে (Hijab controversy in Iran)। এইবাৰ খোদ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ নাম এই বিতৰ্কত সোমাই পৰিছে । আমেৰিকাৰ এগৰাকী সাংবাদিকে হিজাব পিন্ধিবলৈ অস্বীকাৰ কৰাৰ বাবেই সাংবাদিকগৰাকীৰ সৈতে নিৰ্ধাৰিত সাক্ষাৎকাৰ বাতিল কৰিলে ৰাষ্ট্ৰপতি ৰাইচিয়ে (Iran President cancelled interview)।

উল্লেখ্য যে ইৰাণৰ বিভিন্ন স্থানত হিজাব বিতৰ্কক লৈ প্ৰতিবাদ অব্যাহত আছে । শেহতীয়াকৈ হিজাব আইন ভংগ কৰাৰ বাবে আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছিল । কিন্তু আৰক্ষীৰ জিম্মাত থকা মহিলাগৰাকীৰ মৃত্যু হয় । লগে লগে এই প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ হৈ পৰিছে । ইয়াৰ মাজতে হিজাব বিতৰ্কত সোমাই পৰিছে দেশখনৰ ৰাষ্ট্ৰপতি নিজেই ।

সাংবাদিকগৰাকী হৈছে চিএনএনৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় এংকৰ ক্ৰিষ্টিয়ান আমানপোৰ । টুইটযোগে সাংবাদিকগৰাকীয়ে কয় যে তেওঁক হেডস্কার্ফ অৰ্থাৎ হিজাব পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছিল কিন্তু তেওঁ অস্বীকাৰ কৰাৰ পাছতে ৰাষ্ট্ৰপতিৰ সৈতে হ'বলগীয়া তেওঁৰ সাক্ষাৎকাৰটো বাতিল কৰা হৈছিল (Iran President Hijab controversy)।

সাংবাদিকগৰাকীয়ে উল্লেখ কৰা মতে ইৰাণত সৃষ্টি হোৱা হিজাব বিতৰ্ক, প্ৰতিবাদকে ধৰি হিংসাত্মক কাৰ্যকলাপ সম্পৰ্কে ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎকাৰত আলোচনা কৰাৰ কথা আছিল । ইফালে আমেৰিকাৰ সাধাৰণ এচেম্বলিৰ বাবে নিউয়ৰ্কত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হৈছে । সাংবাদিকগৰাকীয়ে লগতে কয় যে আমেৰিকাৰ ভূমিত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ এয়া প্ৰথম সাক্ষাৎকাৰ হ'লহেঁতেন । যাক লৈ তেওঁলোকে কেইসপ্তাহমান পূৰ্বৰে পৰা প্ৰস্তুতি চলাইছিল । আনকি তেওঁলোকে সাক্ষাৎকাৰৰ বাবে ষ্টুডিঅ'ৰ লাইট, কেমেৰা সকলো সাজু কৰিছিল । কিন্তু ৰাষ্ট্ৰপতিৰ কোনো খবৰ নাছিল ।

সাংবাদিক আমানপোৰে উল্লেখ কৰা মতে সাক্ষাৎকাৰটোৰ বাবে তেওঁ ৰাষ্ট্ৰপতিগৰাকীলৈ প্ৰায় ৪০ মিনিট সময় অপেক্ষা কৰিছিল । অৱশেষত এগৰাকী সহায়ক আহিছিল আৰু এই পবিত্ৰ মহৰম আৰু চফৰৰ মাহ বাবে তেওঁক হিজাব পৰিধান কৰিবলৈ পৰামৰ্শ দিছিল । সাংবাদিকগৰাকীয়ে তাক অস্বীকাৰ কৰি কয় যে তেওঁলোক নিউয়ৰ্কত আছে আৰু তাত হিজাব সম্পৰ্কে কোনো নিৰ্দিষ্ট আইন উল্লেখ নাই ।

তেওঁ উল্লেখ কৰা মতে পূৰ্বৰ ৰাষ্ট্ৰপতিসকলে হিজাব পৰিধান কৰাৰ বাবে কোনো পৰামৰ্শ দিয়া হোৱা নাছিল । আমানপোৰে এখন খালী চকীৰ সন্মুখত বহি হিজাব অবিহনে নিজৰ এখন ফটো পোষ্ট কৰি সমগ্ৰ বিষয়টো উল্লেখ কৰে । ৰাষ্ট্ৰপতিগৰাকীৰ এনে আচৰণ সম্পৰ্কে সাংবাদিকগৰাকীয়ে টুইট কৰাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :সুৰাপান কৰিলেই বাজিব এলাৰ্ম: সাৱধান ৰাইজ !

ABOUT THE AUTHOR

...view details