অসম

assam

পান্নুনক হত্যাৰ পৰিকল্পনাত নিখিল গুপ্তা জড়িত থকা সন্দৰ্ভত ফেডাৰেল চৰকাৰক প্ৰমাণ দাখিলৰ নিৰ্দেশ

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 2:23 PM IST

Updated : Jan 11, 2024, 3:29 PM IST

Pannun murder plan: আমেৰিকাৰ ফেডাৰেল প্ৰচিকিউটৰৰ মতে, ভাৰত চৰকাৰৰ অধীনৰ এজন প্ৰাক্তন কৰ্মচাৰী নিখিল গুপ্তাই আমেৰিকাত খালিস্তানী সমৰ্থক পান্নুনক নিৰ্মূল কৰাৰ প্ৰচেষ্টাৰ অংশ আছিল । পান্নুনে আমেৰিকা আৰু কানাডা উভয়ৰে নাগৰিকত্ব লাভ কৰিছিল ।

Pannun murder plan
পান্নুন হত্যাত নিখিল গুপ্তা জড়িত থকা সন্দৰ্ভত ফেডাৰেল চৰকাৰক প্ৰমাণ দাখিলৰ নিৰ্দেশ

ইন্টাৰনেশ্যনেল ডেস্ক, ১১ জানুৱাৰী: খলিস্তানী নেতা গুৰপতৱন্ত সিং পান্নুনৰ হত্যাৰ পৰিকল্পনাত নিখিল গুপ্তা (৫২) জড়িত থকাৰ অভিযোগ সন্দৰ্ভত গুপ্তাৰ অধিবক্তাই তথ্য দাখিলৰ বাবে তৰা গোচৰৰ ভিত্তিত নিউয়ৰ্কৰ এখন আদালতে ফেডাৰেল চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে ৷ এই নিৰ্দেশৰ দিনৰ পৰা তিনিদিনৰ ভিতৰত অভিযুক্তই উত্তৰ দাখিল কৰিব লাগিব । আমেৰিকাৰ জিলা ন্যায়াধীশ ভিক্টৰ মাৰেৰ’ই এই বিষয়টো পৰ্যবেক্ষণ কৰিব ।

৪ জানুৱাৰীত অভিযুক্ত পক্ষৰ অধিবক্তাই তদন্তমূলক হাজিৰ হ’বলৈ বাধ্য কৰোৱাৰ প্ৰস্তাৱ দাখিল কৰাৰ পিছতে এই নিৰ্দেশ দিয়া হৈছে । খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰত জড়িত বুলি দাবী কৰা আমেৰিকাৰ পৰা পোৱা তথ্যৰ ভিত্তিত ছমাহ পূৰ্বে অৰ্থাৎ ২০২৩ চনৰ ৩০ জুনত প্ৰাগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । ইউএপিএ আইন অনুসৰি পান্নুন ভাৰতৰ এজন ৱাণ্টেড সন্ত্ৰাসবাদী । কিন্তু তেওঁ আমেৰিকা চৰকাৰৰ সুৰক্ষাত আছিল ।

বৰ্তমান চেক গণৰাজ্যত বন্দী হৈ থকা গুপ্তাক ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰত্যাৰ্পণৰ বাবে আমেৰিকা চৰকাৰে বিচাৰিছিল । চেক ন্যায় মন্ত্ৰালয়ে ৫২ বছৰীয়া গুপ্তাৰ প্ৰত্যাৰ্পণৰ অনুৰোধৰ সত্যাসত্য নিৰূপণ কৰে ।

চেক ন্যায় মন্ত্ৰালয়ৰ এজন প্ৰতিনিধি ভ্লাদিমিৰ ৰেপকাই প্ৰকাশ কৰে যে আমেৰিকা চৰকাৰৰ অনুৰোধত নিখিল গুপ্তাক আটক কৰি ৰখা হৈছিল, তাৰ পিছতে আমেৰিকাই তেওঁৰ প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনাইছিল । আমেৰিকাৰ বিষয়াসকলে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিশদ বিৱৰণ দিছে, য’ত “ভাড়াৰ বিনিময়ত হত্যাৰ”ৰ অভিযোগ আছে । তেওঁলোকে ২০২৩ চনৰ আগষ্ট মাহত উপৰোক্ত অভিযোগৰ উদ্ধৃতি দি প্ৰত্যাৰ্পণৰ অনুৰোধ জনাইছিল ।

লগতে পঢ়ক:আমেৰিকাত শিখ বিচ্ছিন্নতাবাদীক হত্যাৰ ষড়যন্ত্ৰ; উদ্বেগ প্ৰকাশ ভাৰতীয় মূলৰ আমেৰিকান সাংসদৰ

Last Updated :Jan 11, 2024, 3:29 PM IST

ABOUT THE AUTHOR

...view details