অসম

assam

Israleli Hamas attack: গাজা আৰু পশ্চিম তীৰলৈ ১০০ মিলিয়ন ডলাৰ সাহায্য ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 10:34 AM IST

ইজৰাইল আৰু পেলেষ্টাইনী লোকসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে যুদ্ধবিধ্বস্ত গাজা আৰু পশ্চিম তীৰলৈ মানৱীয়তাৰ সাহায্যৰ বাবে 100 নিযুত আমেৰিকান ডলাৰ ঘোষণা কৰে ৷

গাজা আৰু পশ্চিম তীৰলৈ ১০০ মিলিয়ন ডলাৰ সাহায্য ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ
গাজা আৰু পশ্চিম তীৰলৈ ১০০ মিলিয়ন ডলাৰ সাহায্য ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 19 অক্টোবৰ :আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে বুধবাৰে ইজৰাইল-পেলেষ্টাইনৰ সংঘাতৰ সমাধানৰ সমৰ্থনস্বৰূপে ইজৰাইল আৰু পেলেষ্টাইনী লোকসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে যুদ্ধবিধ্বস্ত গাজা আৰু পশ্চিম তীৰলৈ মানৱীয়তাৰ সাহায্যৰ বাবে 100 নিযুত আমেৰিকান ডলাৰ ঘোষণা কৰে ৷ যাতে দুয়োখন দেশৰ লোকসকলে নিৰাপত্তা, মৰ্যাদা আৰু শান্তিৰে জীয়াই থাকিব পাৰে। বুধবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিচত এই মন্তব্য কৰে বাইডেনে ।

বাইডেনে লগতে উল্লেখ কৰে যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ দৰে ৰাষ্ট্ৰসমূহক কেৱল ক্ষমতাৰে পৰিমাপ কৰা নহয় ৷ আমি শান্তি ৰক্ষা কৰাটো বাঞ্চনীয় ৷ আমি এনেকুৱা এটা পথ অনুসৰণ কৰিব লাগিব যাতে ইজৰাইল আৰু পেলেষ্টাইনৰ জনসাধাৰণে সুৰক্ষিতভাৱে, সন্মান আৰু শান্তিৰে জীয়াই থাকিব পাৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ লক্ষ্য হৈছে দুই ৰাজ্যৰ সংকটৰ সমাধান । শেহতীয়া ইজৰাইল-হামাছ আক্ৰমণে দ্বি-ৰাজ্যিক সংঘাত সমাধানৰ প্ৰচেষ্টাত তেওঁক অধিক সংকল্পবদ্ধ কৰি তুলিছে। এই সংঘাত সমাধানৰ আটাইতকৈ ডাঙৰ বাধা হৈছে দুয়োখন ৰাজ্যৰ সীমা।

X ৰ এটা পোষ্টত বাইডেনে গাজা আৰু পশ্চিম তীৰত 100 নিযুত ডলাৰ ঘোষণা কৰে যাতে ১ মিলিয়নতকৈও অধিক স্থানচ্যুত আৰু সংঘৰ্ষ প্ৰভাৱিত পেলেষ্টাইনসকলক সমৰ্থন কৰে ৷ তেওঁ লগতে উল্লেখ কৰে, পেলেষ্টাইনীসকলৰ সকলো হামাছ উগ্ৰপন্থী নহয়, হামাছে পেলেষ্টাইনী জনসাধাৰণক প্ৰতিনিধিত্ব নকৰে ৷"

উল্লেখ্য যে, যোৱা 7 তাৰিখে হামাছ সন্ত্ৰাসবাদী গোটে ইজৰাইলৰ ওপৰত স্থল, সাগৰ আৰু আকাশমাৰ্গেৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণত এতিয়ালৈকে 1,400 ৰো অধিক লোক নিহত হয় । ইয়াৰ প্ৰত্যুত্তৰত যোৱা 12 দিন ধৰি ইজৰাইলে গাজা ষ্ট্ৰিপত আক্ৰমণ কৰে ৷ এই আক্ৰমণত এতিয়ালৈ প্ৰায় 3,478 জন পেলেষ্টাইনী লোক নিহত হৈছে ৷

লগতে পঢ়ক:Gaza hospital blast : ইজৰাইল ভ্ৰমণৰ সময়ত সামগ্ৰিক পৰিস্থিতৰ বুজ ল'ব বাইডেনে

ABOUT THE AUTHOR

...view details